ধুবুৰী, 3 ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিচতেই ৰাজ্যজুৰি অসম আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে ৷ ইতিমধ্যে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈকে স্বামী, কাজী, পূজাৰী আৰু অভিভাৱকসহ 2044 গৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো আৰক্ষী প্ৰশাসনে বৃহস্পতিবাৰৰ মাজ নিশাৰে পৰা পুৱাৰ ভাগলৈকে মুঠ 126 জন লোকক আটক কৰিবলৈ সক্ষম হয় (Drive against underage marriage) ।
জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নাটৰাজনে সন্ধিয়াৰ ভাগত নিজ কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত জিলাখনত বাল্যবিবাহ প্ৰসংগত মুঠ 374 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে এতিয়ালৈকে 126 জনক আটক কৰা হৈছে বুলি উল্লেখ কৰে । জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি ধুবুৰী সদৰ আৰক্ষী থানা এলেকাৰ পৰা 24 জনক আটক কৰাৰ বিপৰীতে গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ পৰা 17 জন, গোলকগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা 26 জন, আগমণি আৰক্ষী থানা এলেকাৰ পৰা 6 জন, বিলাসীপাৰা আৰক্ষী থানা এলেকাৰ পৰা 32 জন, সাপটগ্ৰাম আৰক্ষী থানা এলেকাৰ পৰা 3 জন আৰু চাপৰ আৰক্ষী থানা এলেকাৰ পৰা 9 জনক আটক কৰি বৰ্তমান জেৰা কৰিছে আৰক্ষীয়ে (Child marriage accused detained in Dhubri)।
ইপিনে যোৱা বৰ্ষত জিলাখনৰ বিভিন্ন আৰক্ষী থানাত বাল্যবিবাহ প্ৰসংগত ৰুজু হৈ থকা 374 টা গোচৰৰ ভিত্তিত মুঠ 687 জন অভিযুক্তক চিনাক্ত কৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । মুঠৰ ওপৰত ধুবুৰী আৰক্ষীয়ে প্ৰথম পৰ্যায়ত 687 জনীয়া এখন তালিকা লৈ অভিযান চলাই বৰ্তমানলৈকে 126 জনক আটক কৰিবলৈ সক্ষম হৈছে (Dhubri child marriage news)।
আনহাতে, ধুবুৰী আৰক্ষীৰ এই অভিযান অব্যাহত থকাৰ বিপৰীতে অভিযানৰ অন্তত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগ আৰু একাংশ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত অঞ্চলে অঞ্চলে বাল্যবিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিব বুলি সংবাদমেলখনত সদৰী কৰে আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে । বাল্যবিবাহৰ পৰা হোৱা ক্ষতি সন্দৰ্ভত ৰাইজক সজাগ কৰাতো অতিকৈ প্ৰয়োজন বুলি উল্লেখ কৰি, এনে বাল্যবিবাহৰ খবৰ পালেই আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনায় (Massive drive against Child marriage) ৷
আনপিনে, বাল্যবিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় যদিও বাল্যবিবাহ কৰা স্বামীক গ্ৰেপ্তাৰ কৰাৰ পিচত নাবলিকা পত্নী আৰু তেওঁৰ কণ কণ সন্তানৰ দায়িত্ব কোনে ল’ব বুলিও প্ৰশ্ন উত্থাপন কৰিছে ধুবুৰীৰ সচেতন মহলে । লগতে চৰকাৰে পত্নী আৰু সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব বুলি ঘোষণা কৰিছে যদিও কম বয়সত স্বামী নোহোৱাকৈ অসহায় পত্নী আৰু কণ কণ সন্তানে কিদৰে দিন পাৰ কৰিব সেয়াও লক্ষ্য৷নীয় বিষয় হৈ পৰিছে ৷ কিন্তু চৰকাৰক সমাজখন নষ্ট কৰা, নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ নিয়া বাল্যবিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে কঠোৰ হ’বলৈও আহ্বান জনায় সচেতন ৰাইজে (Drive against Child marriage in Assam)।
লক্ষ্যনীয় বিষয় যে, ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ এগৰাকী বাৰ বছৰীয়া কিশোৰীৰ বাল্যবিবাহ সম্পন্ন হোৱাৰ পিচত ফুল কুমলীয়া বয়সত স্বামীৰ সৈতে সংসাৰ কৰি বিয়াৰ এবছৰৰ পিচতেই এটি সন্তানৰ মাতৃ হোৱা বুলি স্থানীয় একাংশ গাঁওৰক্ষী বাহিনীয়ে সদৰী কৰা দেখা যায় । এয়া কেৱল এটা উদাহৰণহে । এনে হেজাৰ বাল্যবিবাহৰ ঘটনা ধুবুৰী জিলাত হৈ আহিছে বুলি ধুবুৰীৰ সচেতন মহলে দাবী কৰিছে । শুকুৰবাৰে ধুবুৰী সদৰ আৰক্ষী থানাত গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত গাঁওৰক্ষী বাহিনীৰ সৈতে আৰক্ষী বিষয়াসকলে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি বাল্যবিবাহৰ সৈতে জড়িত থকা অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা ৰচনা কৰে ৷
ইপিনে স্বামী, কাজী আৰু অভিভাৱকক বিচাৰি আৰক্ষীৰ ধাৰাবাহিক অভিযান চলাৰ পিচতেই আতংকিত হৈ পৰিছে ভিতৰুৱা অঞ্চলৰ বহু পৰিয়াল ৷ একাংশই ভয়তে ঘৰ-বাৰী এৰি পলায়ন কৰাৰ খবৰ বিয়পি পৰাও পৰিলক্ষিত হৈছে ।