বিলাসীপাৰা,3 জুন : বিলাসীপাৰাৰ আন্দুৰঝাৰৰ গৌৰাং নৈত বালি মাফিয়াই নিৰ্বিঘ্নে চলাইছে অবৈধ বালি খনন কাৰ্য ৷ গৌৰাং নৈৰ বুকুত বিশেষ যন্ত্ৰ চলাই বালি মাফিয়াই চলাই গৈছে বালি খনন ৷ ইপিনে গৰাখহনীয়াৰ কৱলত পৰি অহা অঞ্চলটোত এনেদৰে বালি খননৰ ফলত বাৰিষা গৰাখহনীয়াই ভয়াৱহ ৰূপ লোৱাৰ আশংকাত ঘটনা সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শালকোচা বন বিভাগক অৱগত কৰে স্থানীয় ৰাইজে ৷
ৰাইজৰ অভিযোগৰ ভিত্তিত শালকোচা বনাঞ্চলিকৰ বিষয়া নৃপেন নাথৰ নেতৃত্বত বন কৰ্মীৰ দল উপস্থিত হয় ঘটনাস্থলীত | উপস্থিত হৈয়ে অবৈধ বালি খনন কৰা যন্ত্ৰ জব্দ কৰিবলৈ যত্ন চলাই যদিও ঘটনাস্থলীত উপস্থিত হোৱা বন বিষয়া কৰ্মীৰ দলটোক দেখি খঙত খৰ্গহস্ত হৈ পৰে বালি মাফিয়া উত্তম চৌধুৰী | পাচত বালি মাফিয়াৰ এক প্ৰকাৰ ভাবুকিত ঘটনাস্থলী এৰি যাবলৈ বাধ্য হয় বন বিষয়া কৰ্মীৰ দলটো | ইয়াৰ পাচৰ পৰাই পুনৰ বালি মাফিয়াজনে নিবিঘ্নে চলাই নিছে অবৈধ বালি খনন কাৰ্য | আনহাতে বালি মাফিয়াজনৰ বিৰুদ্ধে শালকোচা বন বিভাগে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰাৰ লগতে বালিখননৰ বিষয়টো তদন্ত ক্ৰমে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৷
পঢ়ক - "83" বিশ্ব ক্ৰিকেটৰ কিংবদন্তি খেলুৱৈসকলক সাক্ষাৎ অভিনেতা ৰণবীৰ সিঙৰ