ধুবুৰী,২৯ মে': ৰাজ্যত ইউৰিয়া সাৰৰ নাাটনিৰ ফলত কৃষকসকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ(Farmers in problem in urea fertilizer shortage) । কিন্তু একাংশ লোকে পশ্চিমবঙ্গৰ পৰা অবৈধভাৱে অসমলৈ আমদানি কৰি আছে ইউৰিয়া সাৰ(Urea fertilizer smuggled from West Bengal to Assam) । প্ৰতিদিনেই ট্ৰাকে ট্ৰাকে সৰবৰাহ হৈছে ইউৰিয়া সাৰ । সেয়েহে আৰক্ষীয়ে অভিযান চলাই অবৈধ ইউৰিয়া সাৰৰ বিৰুদ্ধে ।
শনিবাৰে নিশা এক গোপন তথ্য়ৰ পম খেদি ধুবুৰীত আৰক্ষীয়ে অবৈধ ইউৰিয়া সাৰৰ সৰবৰাহৰ বিৰুদ্ধে চলাই অভিযান । ধুবুৰীৰ এ এম কে ৰোড বজাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ ইউৰিয়া সাৰ । অভিযানকাৰী দলটোৱে সাৰভৰ্তি ট্ৰাক জব্দ কৰাত ব্য়ৰ্থ হয় যদিও ট্ৰাকৰ পৰা ই ৰিক্সাৰে নি থকা অৱস্থাত জব্দ কৰে অবৈধ সাৰখিনি ।
ধুবুৰীৰ নিউঘাট লৈ নিয়াৰ সময়ত ৫ খনকৈ ই-ৰিক্সাৰ পৰা ৩৫ বস্তা ইউৰিয়া সাৰ জব্দ কৰে আৰক্ষীয়ে । ইফালে আৰক্ষী অহাৰ উমান পাই পলায়ণ কৰে ই ৰিক্সাৰ চালককেইজন । আৰক্ষীয়ে সাৰখিনিৰ সৈতে জব্দ কৰে ই ৰিক্সা কেইখন ।
জানিব পৰা মতে পশ্চিমবঙ্গৰ পৰা অসমলৈ অহা সাৰখিনি সীমান্তৰ ছাগলীয়া হৈ ধুবুৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় । সাৰখিনি জব্দ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ কথা উল্লেখ কৰে । আনহাতে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া চলাই আছে বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক: বান বিধ্বস্ত হোজাইত বন্যহস্তীৰ উপদ্ৰৱ