ETV Bharat / state

ধুবুৰীত উপস্থিত আই জি পি অনুৰাগ আগৰৱালা - নাগৰিকত্ব সংশোধনী আইন

বি টি এ ডিৰ দায়িত্বত থকা আই জি পি অনুৰাগ আগৰৱালা হঠাতে উপস্থিত হয় ধুবুৰীত,সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আকস্মিকভাৱে জিলাখন পৰিদৰ্শন কৰে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখন পৰিদৰ্শন কৰে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে
ধুবুৰীত উপস্থিত আই জি পি অনুৰাগ আগৰৱাল
author img

By

Published : Dec 20, 2019, 5:27 PM IST

ধুবুৰী,20 ডিচেম্বৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ বাবে ৰাজ্যৰ পৰিস্থিতি সম্প্ৰতি স্পৰ্শকাতৰ হৈ আছে ৷ এনে সময়তে ধুবুৰীত শুকুৰবাৰে উপস্থিত হয় বি টি এ ডি-ৰ দায়িত্বত থকা আই জি পি অনুৰাগ আগৰৱালা। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আকস্মিকভাৱে জিলাখন পৰিদৰ্শন কৰে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে ৷ ধুবুৰী জিলা আৰক্ষী আৰু প্ৰশাসনৰ সৈতে এক বৈঠকত মিলিত হয় আই জি পি গৰাকীয়ে।

ধুবুৰীত উপস্থিত আই জি পি অনুৰাগ আগৰৱাল

এই বৈঠকত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক যুৱৰাজ,জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা,জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাকে ধৰি আৰক্ষী বিষয়াসকল ৷ গুৰুত্বপূৰ্ণ বৈঠকখনত সাম্প্ৰতিক পৰিস্থিতিৰ বিভিন্ন দিশ সামৰি পৰ্যালোচনা কৰা হয় ৷ কিন্তু এই বৈঠক সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই আই জি পি অনুৰাগ আগৰৱালে ৷

লগতে চাওকঃঝাৰখণ্ডৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ

Intro: সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ধুবুৰীত উপস্থিত আই জি পি অনুৰাগ আগৰৱাল। জিলা আৰক্ষী প্ৰশাসনৰ সৈতে বৈঠক অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া গৰাকী।

Body: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন কা' বিৰোধী প্ৰতিবাদত ৰাজ্যৰ পতিস্থিতি স্পৰ্শকাতৰ হৈ পৰাৰ সময়তে আজি হঠাৎ ধুবুৰীত উপস্থিত হল বিটিএডিৰ দায়িত্বত থকা আই জি পি অনুৰাগ আগৰৱাল। অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া গৰাকী ধুবুৰীত উপস্থিত হৈ জিলা আৰক্ষী অধীক্ষক যুৱৰাজ, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা, জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাকে ধৰি জিলা খনৰ আৰক্ষী বিষয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

Conclusion: গুৰুত্বপূৰ্ণ সভাখনত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত বিভিন্ন দিশ সামৰি লৈ পৰ্যালোচনা কৰা হয় যদিওঁ এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া গৰাকীয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.