ETV Bharat / state

বিলাসীপাৰাত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ আমৰণ অনশন

author img

By

Published : Sep 2, 2020, 12:29 PM IST

বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ বিলাসীপাৰা আৰু কোকৰাঝাৰ জিলা সমিতিয়ে ৷ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক কৰ্ম সংস্থাপন প্ৰদানৰ দাবী তেওঁলোকৰ ৷

আমৰন অনশন
আমৰন অনশন

বিলাসীপাৰা, 2 চেপ্তেম্বৰ: অসম আন্দোলনৰ নিৰ্যাতিত পৰিয়ালৰ সদস্য সকলক কৰ্ম সংস্থাপন প্ৰদানৰ দাবীৰে বুধবাৰে অনশনত বহিল নিৰ্যাতিত পৰিয়ালৰ সদস্যসকল ৷ বিলাসীপাৰা আৰু কোকৰাঝাৰৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলে বিলাসীপাৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৷ সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ বিলাসীপাৰা আৰু কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰাত বুধবাৰে আমৰণ কাৰ্যসূচী ৰূপায়ন কৰে ৷ তেওঁলোকৰ দাবী অতি শীঘ্ৰেই তেওঁলোকক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি কৰ্ম সংস্থাপন প্ৰদান কৰিব লাগে ৷ এনে নকৰিলে আগন্তুক দিনত উজনিৰ পৰা নামনিলৈ তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সংবাদ মাধ্যমযোগে চৰকাৰক সকিয়নী প্ৰদান কৰে ৷

বিলাসীপাৰাত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ আমৰন অনশন

লগতে পঢ়ক: কোভিড-19ৰ ভয়াৱহতালৈ ভ্ৰূক্ষেপ নাই জনতাৰ,বজাৰত দেখা গ'ল ভয়ংকৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.