ধুবুৰী,9মাৰ্চ: আজি ৰঙৰ উৎসৱ ফাকুৱা । ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দত মতলীয়া সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী । বিভিন্ন আবিৰৰ ৰঙে ৰঙীন হৈ পৰে ধুবুৰী জিলাও । ধুবুৰীত এইবাৰ প্ৰথমবাৰৰ বাবে হোলী উপলক্ষে এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নতুনকৈ গঠন হোৱা "নৃত্যাঙ্গন" গোটৰ উদ্যোগত ধুবুৰী ৰাজীৱ গান্ধী শিশু উদ্যানত বসন্ত উৎসৱৰ আয়োজন কৰা হয় ।
লোকে লোকৰণ্য হৈ পৰা এই অনুষ্ঠানত সত্ৰীয়া নৃত্য, বিহু নৃত্য, ৰাজস্থানী নৃত্য আৰু ৰাধা কৃষ্ণৰ নৃত্য ভংগীমাৰ লগতে গোৱালপৰীয়া লোক নৃত্য আদি প্ৰদৰ্শন কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অঞ্চলটোৰ শতাধিক লোকে ৷