পূৱ বিলাসীপাৰা, 10 ছেপ্টেম্বৰ : অসম চৰকাৰৰ অসম দৰ্শন আঁচনিত সন্নিবিষ্ট হ'ল নামনি অসমৰ পূৱ বিলাসীপাৰাৰ চাপৰৰ ঐতিহাসিক কাজিপাৰা জামে মছজিদৰ নাম । বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে কাজিপাৰা জামে মছজিদ প্ৰাঙ্গনত উপস্থিত হৈ কাজিপাৰা জামে মছজিদ কমিটীক এই আঁচনিৰ বিষয়ে অৱগত কৰে ।
অসম দৰ্শন আঁচনিৰ অধীনত মছজিদ কমিটীয়ে এককালীন 10 লাখ টকা অনুদান লাভ কৰাৰ লগতে বছৰি 2.50 লাখ টকা অনুদান লাভ কৰিব বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে । বিধায়ক গৰাকী মছজিদৰ চাৰিসীমা পৰ্যবেক্ষণ কৰি মছজিদ কমিটীৰ সদস্য সকলৰ লগত মত বিনিময় কৰে ।
লগতে পঢ়ক : 25 ছেপ্তেম্বৰৰ পৰা 30 টা সংগঠনে ৰূপায়ন কৰিব মানৱ শৃংখল কাৰ্যসূচী