ETV Bharat / state

ধুবুৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক - স্বাস্থ্য মন্ত্ৰীৰ বৈঠক

ধুবুৰীত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক স্বাস্থ্য মন্ত্ৰী গৰাকীৰ ৷

himanta-biswa-sharma-pressmeet-at-dhubri
ধুবুৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jun 2, 2020, 6:49 PM IST

ধুবুৰী,2 জুনঃ মঙলবাৰে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বৈঠকৰ অন্তত জিলা উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী গৰাকীৰ সংবাদমেল। ধুবুৰী জিলাত এতিয়ালৈকে বহিঃৰাজ্যৰ পৰা আহিছে মুঠ ২৩ হাজাৰ ব্যক্তি। আটাইকে কোৱাৰেণ্টাইন কৰাৰ পিছত ১৬,১৬৩ গৰাকী ব্যক্তি ঘৰলৈ গৈছে। জিলা খনত ১৬,৬২৫ টা নমুনা সংগ্ৰহ কৰা হৈছে। ইয়াৰে ১,৬৫৩ টা নমুনাৰ ফলাফল নিগেটিভ ওলাইছে। ৫৭ টা ফলাফল পজিটিভ ওলাইছে। আনহাতে ৩,৭০৩ টা নমুনাৰ ফলাফল প্ৰকাশ পাবলৈ বাকী আছে।

ধুবুৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
কোৱাৰেণ্টাইনত থকা লোকসকলৰ ভিতৰত নমুনা সংগ্ৰহ নকৰা ব্যক্তি সকলৰ নমুনা সংগ্ৰহ সম্পন্ন হ'ব দুদিনৰ ভিতৰত। ধুবুৰীলৈ গুৱাহাটীৰ পৰা আহিব স্বাস্থ্য বিভাগৰ বিশেষ দল। ধুবুৰী জিলাত COVID-19 পৰীক্ষা কৰাৰ বাবে এখন বিশেষ লেবৰেটৰীৰ ব্যৱস্থা কৰাৰ আশ্বাস মন্ত্ৰী হিমন্তৰ। লগতে অহা ছমাহ বা এবছৰৰ ভিতৰতে সম্পন্ন হ'ব ধুবুৰী মেডিকেল কলেজৰ কাম। লগতে ধুবুৰীৰ কিছমত হাচদহ আদৰ্শ চিকিৎসালয় কাৰ্যক্ষম কৰাৰ পৰিকল্পনা।
ধুবুৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মঙলবাৰে ৰাছিয়াৰ পৰা বিমান যোগে আহিব ৩৬ গৰাকী যাত্ৰী। যদিও সেয়া ভয়ৰ কোনো কাৰণ নাই। অহা দুই তিনি দিনত COVID-19 ৰ ৰোগীৰ সংখ্যা বৃদ্ধি হ'ব কাৰণ মুম্বাই দাৰুল উলুম আৰু নন্দ দুৱাৰৰ পৰা অসমলৈ অহা বিশেষ ৰে'লত অহা হোজাই আৰু বৰাক ভেলীৰ যাত্ৰী সকলৰ নমুনা পৰীক্ষাৰ ফলাফল দুদিনৰ ভিতৰত স্পষ্ট হ'ব। তাত COVID-19ৰ ৰোগী বেছি থকা বুলি সন্দেহ কৰা হৈছে যদিও আতংকিত হ'ব নালাগে বুলি কয় মন্ত্ৰী গৰাকীয়ে।মন্ত্ৰী গৰাকীৰ মতে,অসমৰ সামাজিক জীৱনলৈ COVID-19সংক্ৰমণ হোৱা নাই। এতিয়ালৈকে কোৱাৰেণ্টাইন সফল হৈ আছে। কোৱাৰেণ্টাইন সফল হ'লে চিন্তা আৰু ভয়ৰ কাৰণ নাই অসমত।ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত সংস্পৰ্শত থকা এজন চিকিৎসকৰ দেহত পজিটিভ দেখা দিয়া প্ৰসংগত হিমন্তই কোৱাৰেণ্টাইন হ'ব লাগিব নেকি বুলি প্ৰশ্ন কৰাত তেওঁ মাস্ক পৰিধান কৰি থাকিলে কোনো ভয় নাই বুলি মন্তব্য কৰে।অসমত এতিয়ালৈকে প্ৰায় পোন্ধৰ জন চিকিৎসক-স্বাস্থ্য কৰ্মী-নাৰ্চ আক্ৰান্ত হৈছে। যদিও ভয়ৰ কাৰণ নাই বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্তই।আনহাতে এজন মানুহ সাত দিন কোৱাৰেণ্টাইনত থাকি তাৰ পিছত সেইজন লোকে আনক সংক্ৰমিত কৰিব নোৱাৰে বুলি কৈ কোনেও ভয় কৰিব নালাগে বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।লগতে পঢ়কঃ উত্তৰ গুৱাহাটীত ৪ গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.