ETV Bharat / state

ৰাজনীতিৰ পৰা হিমন্তৰ সন্যাস ঘোষণা কৰিলে কমল মেধিয়ে

author img

By

Published : Feb 1, 2021, 9:11 PM IST

সোমবাৰে পশ্চিম বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত নয়াহাট খেলপথাৰত ৰাইজৰ দলৰ বিশাল গণসভা আৰু দলীয় যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ সই সভাতেই এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দলৰ পৰা প্ৰায় সহস্ৰাধিক নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে ৷

AS_BLP_himanta-biswa-sarma-will-have-to-take-retirement-from-politics-says-kamal-kumar-medhi-vis_asc10004
ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা সন্যাস ল’ব লাগিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই:কমল কুমাৰ মেধি

বিলাসীপাৰা, 1 জানুৱাৰী : ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা সন্যাস ল’ব লাগিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই দাবী ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল কুমাৰ মেধিৰ ৷ সোমবাৰে পশ্চিম বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত নয়াহাট খেলপথাৰত অনুষ্ঠিত ৰাইজৰ দলৰ বিশাল গণসভা আৰু দলীয় যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই হুংকাৰ দিয়ে কমল কুমাৰ মেধিয়ে ৷ আগন্তুক নিৰ্বাচনত দলে অনুমতি দিলে জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথাও ব্যক্ত কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে ৷

বিলাসীপাৰাত ৰাইজৰ দলৰ গণসভা

এই সভাত শাসকীয় বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক কাৰ্যকলাপক তীব্ৰ ভাষাৰে সমালোচনা কৰে কমল কুমাৰ মেধিয়ে ৷ লগতে এ আই ইউ ডি এফ দলৰ হাফিজ বছিৰ আহমেদৰ দখলত থকা পশ্চিম বিলাসীপাৰা সমষ্টিত কোনো উন্নয়ন নোহোৱাৰ কাৰন কি বুলি প্ৰশ্ন উত্থাপন কৰে মেধীয়ে ৷ তদুপৰি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ কান্ধত ধৰি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা বুলি মন্তব্য কৰি প্ৰদ্যুত বৰদলৈকো তীব্ৰ সমালোচনা কৰে কমল কুমাৰ মেধীয়ে ৷ সোমবাৰৰ এই জনসভাত উপস্থিত আছিল ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক সম্বিত শৰ্মা, দলৰ সম্পাদিকা জেৰিফা ৱাহিদ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট নেতা কৰ্মী ৷ সই সভাতেই এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দলৰ পৰা প্ৰায় সহস্ৰাধিক নেতা কৰ্মীয়ে আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰে ৷

লগতে পঢ়ক-দিল্লীত গণতন্ত্ৰ দিৱসত অংশগ্ৰহণকাৰী উত্তৰ-পূৱৰ 26 NCC কেডেটক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.