বিলাসীপাৰা, 24 জুনঃ খাদ্য সামগ্ৰী ওভতাই পঠিয়ালে এটা কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকে ৷ সম্প্ৰতি গৰু-ছাগলীয়ে ভক্ষণ কৰিছে সেইসমূহ খাদ্য ৷ 20 জুনত কেৰালাৰ পৰা আহিছিল সেই কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকসকল ৷ কেন্দ্ৰটোত থকা লোকসকলৰ বাবে কৰ্তৃপক্ষই অতি নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিলাসীপাৰাৰ গোৱৰ্ধনপাৰাৰ এম.ভি বিদ্যালয়ত স্থাপিত কোৱৰেণ্টাইন কেন্দ্ৰত ৷
খাদ্য সামগ্ৰীৰ নিম্ন মানদণ্ডক লৈ উত্তপ্ত হৈ পৰা লোকসকলৰ কাষত পৰৱৰ্তী সময়ত উপস্থিত হয়, যোগান বিভাগৰ পৰিদৰ্শক নিত্য গোপাল সাহা ৷ পৰিদৰ্শক গৰাকী ঘটনাস্থলীত উপস্থিত হৈ কোৱাৰেণ্টাইন কেন্দ্ৰটোত থকা লোকসকলক ভাল খাদ্য সামগ্ৰী যোগান ধৰিব বুলি আশ্বাস প্ৰদান কৰাৰ পিচতহে পৰিস্থিতি কিছু সাম কাটে ৷
লগতে পঢ়কঃ দৰঙত সংবাদকৰ্মীৰ স্বাৱ পৰীক্ষা সম্পন্ন