ধুবুৰী, 28 নৱেম্বৰঃ যি সময়ত ক'ৰণা মহামাৰীয়ে সমগ্ৰ দেশকে এক অঘোষিত জৰুৰী অৱস্থালে লৈ গ'ল সেই সময়তে ভূতবাংলাত পৰিণত হৈছে দক্ষিণ শালমাৰাৰ টুমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰ। স্থানীয়ে ৰাইজে সদৰি কৰা অনুসৰি স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত চিকিৎসক আৰু কৰ্মচাৰী সকল পুৱা দহ বজাৰ পিছতহে কৰ্মস্থলীলে আহে ।
উল্লেখ্য যে টুমনী সমূহীয়া স্বাস্থ্যকেন্দ্ৰটোৰ ৰোগীৰ থকা খোৱাৰ কাৰণে ৩০ খন বিচনা আছে যদিও বাস্তৱত সেই বিচনা ব্যৱহাৰ নহয় বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ গতিকে স্বাস্থ্য কেন্দ্ৰটোৰ এই অৱস্থাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি চৰকাৰক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাই ৷
লগতে পঢ়কঃ আহমেদাবাদৰ Zydus Biotech Park ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী