ETV Bharat / state

মন্ত্ৰী হিমন্তক তুলাধুনা হাগ্ৰামাৰ - হাগ্ৰামাক মেকুৰী আখ্যা

এইবাৰ মন্ত্ৰী হিমন্তক তুলাধুনা দিলে হাগ্ৰামাই। হিমন্তক মেকুৰী আৰু ডকাইত আখ্যাৰে তীব্র সমালোচনা কৰিলে হাগ্ৰামাই । বিটিএডিৰ এখন নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ হাগ্ৰামাই সমালোচনাৰ টাৰ্গেট কৰি ললে হিমন্তক ।

hagrama-meeting-at-kokorajhar-criticese-himanta-biswa-sharma
মন্ত্ৰী হিমন্তক তুলাধুনা হাগ্ৰামাৰ
author img

By

Published : Nov 15, 2020, 10:02 PM IST

ধুবুৰী,15 নৱেম্বৰঃ দেওবাৰে বিটিএডিৰ পৰ্বতঝৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মুন মুন ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্র সমালোচনাৰ লক্ষ্য কৰি লয় বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ বিগত পোন্ধৰ বছৰৰ পৰা হিমন্তই মুখ্যমন্ত্ৰী হ’বলৈ বিচাৰিছে যদিওঁ সফল হ’ব পৰা নাই । যাৰ বাবে এতিয়া বিপিএফত যোগ দি বিটিচিৰ চীফ হ’ব বিচাৰিছে বুলি কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাক ।

hagrama-meeting-at-kokorajhar-criticese-himanta-biswa-sharma
মন্ত্ৰী হিমন্তক তুলাধুনা হাগ্ৰামাৰ

ইপিনে মন্ত্ৰী হিমন্তই হাগ্ৰামাক মেকুৰী আখ্যা দিয়াৰ পিচত দেওবাৰে হিমন্তক উভতি ধৰি মন্ত্ৰী হিমন্তক মেকুৰী আৰু ডকাইত আখ্যা দিয়ে হাগ্ৰামাই। উল্লেখ্য যে, বিটিচি চুক্তি অনুসৰি কেন্দ্ৰীয় চৰকাৰে দিয়া অনুদানৰ বৃহৎ অংশ চুৰ কৰি ডকাইতি কৰি হিমন্তই কংগ্ৰেছৰ দিনতো খাই আছে আৰু বৰ্তমানেও খাই আছে বুলি মন্তব্য কৰা দেখা যায় হাগ্ৰামাক। লগতে হাগ্ৰামাই কয়, কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ আগবঢ়োৱা অনুদানৰ ১২.১৯ শতাংশ টকা বিটিচিয়ে পাব লাগে যদিওঁ বিটিচিক কেৱল ৩.৬ শতাংশ টকা বৰ্তমানে পাই আছে বুলি কৈ বাকী থকা টকাখিনি কেন্দ্ৰীয় চৰকাৰে দিলেও হিমন্তই চুৰি ডকাইতি কৰি খাই আছে বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে।

মন্ত্ৰী হিমন্তক তুলাধুনা হাগ্ৰামাৰ

আনহাতে হিমন্তই সাৰদা কেলেংকাৰী, লুইজ বাৰ্জাৰকে ধৰি বহু কেলেংকাৰীত সাঙোৰ খাইছে যদিওঁ বিটিচিত কোনো দুৰ্নীতি হোৱা নাই বুলি দাবী কৰে হাগ্ৰামাই । ইপিনে নিৰ্বাচনৰ সময়ত মন্ত্ৰী হিমন্তই বিভিন্ন সাম্প্ৰদায়িক মন্তব্য কৰি বিটিচিত অশান্তিৰ বাতাবৰণৰ সৃষ্টি কৰিব বিচাৰিছে বুলি মন্তব্য কৰে হাগ্ৰামাই । সাংবাদিকৰ সাক্ষাৎকাৰত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে, মন্ত্ৰী হিমন্তই বিটিচিৰ চীফ হোৱাৰ বাবে বিপিএফত যোগদানৰ বাবে যোগাযোগ কৰি আছে ।

উল্লেখ্য যে, দেৱীতলা হাইস্কুল খেল পথাৰত অনুষ্ঠিত পৰ্বতঝৰা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মুন মুন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰায় দহ সহস্ৰাধিক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়কঃ ৰাজ্যত পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.