ETV Bharat / state

অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ধুবুৰী ভ্ৰমণ - Dhubri guardian Minister Jayanta Malla Baruah

ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতে জিলাখনত উপস্থিত জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah at Dhubri)। অভিভাৱক মন্ত্ৰীগৰাকীক জিলা সদৰত উষ্ম আদৰণি । উপায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব মন্ত্ৰীগৰাকী ।

Jayanta Malla Baruah
অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ধুবুৰী ভ্ৰমণ
author img

By

Published : Sep 7, 2022, 2:20 PM IST

ধুবুৰী,৭ ছেপ্টেম্বৰ : শেহতীয়াকৈ অসমৰ জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ নতুন তালিকা প্ৰকাশ কৰা হৈছে (Assam new guardian Minister list)। এই তালিকা অনুসৰি ধুবুৰী জিলাৰ অভিভাৱকৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক (Dhubri guardian Minister Jayanta Malla Baruah)। দায়িত্ব লাভ কৰাৰ পাছতে প্ৰথমবাৰৰ বাবে মঙলবাৰে নিশা ধুবুৰী জিলাত উপস্থিত হয় মন্ত্ৰীগৰাকী । জিলা সদৰত উপস্থিত হোৱাৰ পাছতে অভিভাৱক মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱা হয় ।

জয়ন্ত মল্ল বৰুৱা জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিল ধুবুৰীৰ আৱৰ্ত ভৱন চৌহদ (Jayanta Malla Baruah visits Dhubri)। ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈয়েই সাংবাদিকৰ সন্মুখত ধুবুৰী জিলাৰ উন্নয়ন সম্পৰ্কে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । জিলাখনৰ উন্নয়নত গুৰুত্ব দিয়াৰ লগতে জেহাদী বা ৰাষ্ট্ৰ বিৰোধীলৈ তীব্ৰ হুংকাৰ মন্ত্ৰীগৰাকীৰ । জয়ন্ত মল্ল বৰুৱাই দাবী কৰা মতে ৰাষ্ট্ৰ বিৰোধী বা জেহাদী কাৰ্যকলাপ অসম ভূমিত চলিবলৈ দিয়া নহয় ।

জেহাদী আৰু ৰাষ্ট্ৰ বিৰোধীৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰ । লগতে মাদ্ৰাছা বা যিকোনো অনুষ্ঠানৰ নামত যদি কোনোবাই ৰাষ্ট্ৰ বিৰোধী কাম কৰে বা জেহাদীৰ কাম কৰে সেয়া কোনো কাৰণতেই চৰকাৰে মানি নলয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

উল্লেখ্য যে আজমলৰ লগতে বিৰোধী কংগ্ৰেছে বিভিন্ন সময়ত মাদ্ৰাছা ভঙাৰ বিৰোধীতাৰে ৰাজ্য চৰকাৰক সমালোচনা কৰা দেখা গৈছে । বিৰোধীক উভতি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে চিঞৰি থাকিলেও বিজেপিৰ ক'বলগীয়া নাই ।

অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ধুবুৰী ভ্ৰমণ

আনহাতে কামতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ আৰু পৃথক কোচবিহাৰ সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অসমখন কেতিয়াও বিভাজিত হ'ব নোৱাৰে, অসম সদায় অসম হৈয়ে থাকিব । তেওঁ লগতে কয় যে স্বায়ত্ত্ব শাসিত পৰিষদসমূহ ক্ষমতাশালী হোৱাটো চৰকাৰে বিচাৰে আৰু প্ৰতিটো স্বায়ত্ত্ব শাসিত পৰিষদে ক্ষমতা পাৱ লাগে বুলিও তেওঁ মন্তব্য কৰে । পুনৰ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ আৰু আজমল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি সকলোৱে জানে ।

উল্লেখ্য যে, বুধবাৰে অভিভাৱক মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে দুখনকৈ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব । বিয়লি ২ বজাত অনুষ্ঠিত হ'বলগীয়া আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানতো মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :ৰাজ্যত প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পর্যন্ত শিক্ষকৰ ২৮,৯১০ টা পদ খালী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.