গোলকগঞ্জ,১৬ ফেব্ৰুৱাৰী: সৰস্বতী পূজাৰ আনন্দ-উল্লাহৰ মাজতে ধুবুৰীৰ গোলকগঞ্জত চোৰৰ চাফাই অভিযান । গোলকগঞ্জ চহৰৰ মাজমজিয়াতে বিষ্ণু কুণ্ডু নামৰ ব্যক্তিগৰাকীৰ ঘৰত চোৰে চলালে লুটপাত । ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লৈ গ'ল কেইবা লক্ষাধিক টকা সহ বহুতো আ-অলংকাৰ । জুৱেলাৰী ব্যৱসায়ীজনৰ পৰিয়ালৰ সদস্যসকলে সৰস্বতী পূজাৰ বাবে ওচৰৰে বিদ্যালয় এখনত যোৱাৰ সময়তে টলা ভাঙি চোৰে ঘৰত প্ৰৱেশ কৰে ।
ইতিমধ্যে বিষ্ণু কুন্ডুৱে আৰক্ষী থানাত এখন এজহাৰ দাখিল কৰিছে লগতে আৰক্ষীয়েও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। কিন্তু দিন দুপৰতে এনেদৰে চহৰৰ মাজ মজিয়াত চোৰৰ লুটপাত দেখি এতিয়া নিৰাপত্তাহীনতাত ভূগিছে অঞ্চলটোৰ ৰাইজ ।
লগতে পঢ়ক:চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকক নবীকৰণ কৰা পৰিচয় পত্ৰ প্ৰদান