ETV Bharat / state

বিজেপিক দেশৰ ইতিহাস পঢ়িবলৈ আহ্বান ৰিপুন বৰাৰ

author img

By

Published : Feb 1, 2021, 10:47 PM IST

সোমবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জত কংগ্ৰেছৰ বিশাল গণ সমাবেশ অনুষ্ঠিত হয় । এই সভাতেই কেইবাটাও আঁচনিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

As_dhb_golakganj-congress-meet_vis_as10041
বিজেপিক ইতিহাস পঢ়িবলৈ আহ্বান ৰিপুন বৰাৰ

ধুবুৰী,1 ফেব্ৰুৱাৰী : সোমবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জত কংগ্ৰেছৰ বিশাল গণ সমাবেশ অনুষ্ঠিত হয় । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা ৷ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত কৰা হয় এই গণ সমাৱেশ ৷ সভাত ভাষণৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, এইয়া অসমৰ ৰাইজৰ নিৰ্বাচন । এইবাৰ নিৰ্বাচন হৈছে বিজেপি আৰু আৰ.এছ.এছৰ পৰা নিজকে ৰক্ষা কৰাৰ নিৰ্বাচন ৷ আনহাতে, বিজেপিক মুছলমানৰ ভোট নালাগে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰসংগত তেখেতে কয় দেশ স্বাধীন কৰাৰ ক্ষেত্ৰত মুছলমান সকলৰ বহু অৱদান আছে । সেই কথা বিজেপিয়ে পাহৰিলে নহ’ব ৷

এইবেলি অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে NRCত নাম অন্তৰ্ভূক্ত নোহোৱা ১৯ লাখ ভাৰতীয়ক পুনৰাই অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি কয় ৰিপুণ বৰাই । ইয়াৰ উপৰিও কংগ্ৰেছৰ চৰকাৰ হ’লে ৰাজ্যত কৃষকৰ ঋণ ৰেহাই কৰা, মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ৰেহাই কৰা, প্ৰতিটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক ৭৫০০ টকা কৈ দিয়াৰ কথাও ঘোষণা কৰে । একেদৰে মহেকত ১২০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰা, প্ৰতিটো পৰিয়ালৰ এজনক চৰকাৰী চাকৰি প্ৰদান কৰা, ভেঞ্চাৰ স্কুল আৰু মহাবিদ্যালয় সমূহ প্ৰদেশিকৰণ কৰা আদি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

গোলকগঞ্জত কংগ্ৰেছৰ সভাত ৰিপুন বৰা

লগতে পঢ়ক-ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰিৰ সম্ভাৱনা ৰাজ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.