গোলকগঞ্জ,17 নৱেম্বৰঃ ধুবুৰীৰ ভাৰত বংলাদেশ সীমান্তৰ ঝসকাল তৃতীয় খণ্ড গাঁৱত মঙলবাৰে এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায় ৷ দি হাৰ্ট সহৃদয় গোষ্ঠীৰ সভাপতি তথা হৃদৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ চন্দন মোদকৰ নেতৃত্বত গুৱাহাটীৰ পৰা অহা ডাঃ ৰাহুল বৰ্মন,ডাঃ ধীমেন্দ্ৰ নাথ ৰায়,ডাঃ অবিনাশ মালাকাৰ আৰু ডাঃ ধ্ৰুৱ ৰায়ে চিকিৎসা সেৱা আগবঢ়ায় শিবিৰটোত ৷ বিনামূলীয়া স্বাস্থ্য শিবিৰটোত ইচিজি,কলেষ্টৰেল,চুগাৰ,ইকো আদি বিনামূলীয়া কৈ পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধৰো যোগান ধৰা হয় ৷
প্ৰায় তিনি শতাধিক দুখীয়া ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হয় এই শিবৰটোৰ পৰা ৷ ডাঃ মোদকে অটল অমৃত আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড থকা ৰোগীক বিনামূলীয়া কৈ উন্নত মানৰ চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰি দিয়াৰো প্ৰতিশ্ৰুতি আগবঢ়ায় | দি হাৰ্ট সহৃদয় গোষ্ঠীয়ে আয়োজন কৰা এই স্বাস্থ্য শিবিৰৰ প্ৰশংসা কৰে স্থানীয় লোকসকলে ৷
লগতে চাওকঃ 60হাজাৰ টকাত বিক্ৰী লামডিং বনাঞ্চলৰ মাটি!