ETV Bharat / state

ধুবুৰীত উদ্বোধন বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰ - জিলা উপায়ুক্ত আনন্তলাল জ্ঞানী

ধুবুৰীত শুভ উদ্বোধন বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰ ৷ উদ্বোধন কৰি ৰাইজলৈ উচৰ্গা মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷

Free dialysis center inaugurate in Dhubri
ধুবুৰীত উদ্বোধন বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰ
author img

By

Published : Jan 19, 2020, 7:29 PM IST

ধুবুৰী, 19 জানুৱাৰীঃ ধুবুৰীত বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰৰ শুভ উদ্বোধন ৷ ধুবুৰী অসামৰিক চিকিৎসালয়ত দেওবাৰে মন্ত্ৰী পিযুষ হাজৰিকাই শুভ উদ্বোধন কৰে বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰটো ৷ এই কেন্দ্ৰটো উদ্বোধন কৰি ৰাইজলৈ উচৰ্গা কৰা বুলি প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ এই সন্দৰ্ভত চিকিৎসালয় চৌহদত আয়োজিত উদ্বোধনী সভাত নিজৰ ভাষণ প্ৰসংগত এই চিকিৎসালয়খনত বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰৰ সুবিধা লাভ কৰিব আৰু প্ৰথম দিনাই ২৬ জন ৰোগীৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

ধুবুৰীত উদ্বোধন বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰ

ইপিনে ধুবুৰী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়ৰ লেতেৰা অৱস্থা প্ৰত্যক্ষ কৰি ক্ষুব্ধ হৈ পৰে। নিজৰ ভাষণত চিকিৎসালয়খন পৰিষ্কাৰ কৰাৰ নামত তিনি লাখ টকা দিয়া হৈছে যদিও চিকিৎসালয় পৰিষ্কাৰ কৰি ৰখাত ব্যৰ্থ হোৱা চিকিৎসালয় কৰ্তৃপক্ষক চৰম সকীয়নী দিয়ে মন্ত্ৰীগৰাকীয়ে । আনহাতে নিজৰ ভাষণত তদানীন্তন কংগ্ৰেছ নেতৃত্বাধীন তৰুণ গগৈ চৰকাৰক তীব্র সমালোচনা কৰি অদ্ভুত চৰকাৰ আখ্যা দি এটা সময়ত গগৈ চৰকাৰৰ পৰা পলাই আহিছিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকে গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু বিলাসীপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহি, এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক ডাঃ এ চি বৈশ্য আৰু জিলা উপায়ুক্ত আনন্তলাল জ্ঞানী। আনহাতে ধুবুৰীত উপস্থিত হৈ অহা দুবছৰৰ ভিতৰত ধুবুৰী মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হব বুলিও উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই।

আৰু পঢ়কঃ"নিৰ্বাচনত আমি জিকিম, আছু হাৰিব"-পীযুষ হাজৰিকা

Intro: ধুবুৰীত মন্ত্ৰী পিযুশ হাজৰিকা। মন্ত্ৰী ধুবুৰী অসামৰিক চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী পিযুশ হাজৰিকাই। ধুবুৰী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয় কৰ্তৃপক্ষক সকীয়নী দিয়াৰ বিপৰীতে ক্ষুৰধাৰ সমালোচনা কৰিলে তৰুণ গগৈ চৰকাৰক।

Body:
অসমৰ ভিতৰত ষোল্ল নম্বৰ বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰৰ শুভ উদ্বোধন হল আজি ধুবুৰীত। ধুবুৰী অসামৰিক চিকিৎসালয়ত আজি মন্ত্ৰী পিযুশ হাজৰিকাই আজি ৰঙা ফিতা কাটি বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰৰ শুভ উদ্বোধন কৰি ৰাইজৰ বাবে উচৰ্গা কৰা বুলি উল্লেখ কৰে। এই সন্দৰ্ভত আজি চিকিৎসালয় চৌহদত আয়োজিত এখন উদ্বোধনী সভাত নিজৰ ভাষণত আজিৰ এইখন চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰৰ সুবিধা লাভ কৰিব আৰু আজি প্ৰথম দিনাই ২৬ জন ৰোগীৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি ভাষণত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। ইপিনে ধুবুৰী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ৰ লেতেৰা অৱস্থা প্ৰত্যক্ষ কৰি ক্ষুব্ধ হৈ পৰে। নিজৰ ভাষণত চিকিৎসালয় খন পৰিষ্কাৰ কৰাৰ নামত তিনি লাখ টকা দিয়া হয় যদিওঁ চিকিৎসালয় পৰিষ্কাৰ কৰি ৰখাত ব্যৰ্থ হোৱা চিকিৎসালয় কৰ্তৃপক্ষক চৰম সকীয়নী দিয়ে মন্ত্ৰী গৰাকীয়ে।

ইপিনে নিজৰ ভাষণত তদানীন্তন কংগ্ৰেছ নেতৃত্বাধীন তৰুণ গগৈ চৰকাৰক তীব্র সমালোচনা অদ্ভুত চৰকাৰ আখ্যা দি এটা সময়ত তৰুণ গগৈ চৰকাৰৰ পৰা পলাই আহিছিল বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

Byte:- পিযুশ হাজৰিকা, নগৰ উন্নয়ন মন্ত্ৰী

Conclusion:উল্লেখযোগ্য যে, আজি মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে গোলকগঞ্জ বিধান সভা সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু বিলাসিপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহি, এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক ডাঃ এ চি বৈশ্য আৰু জিলা উপায়ুক্ত আনন্তলাল জ্ঞানী। আজি ধুবুৰীত উপস্থিত হৈ অহা দুই বছৰৰ ভিতৰত ধুবুৰী মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হব বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.