ETV Bharat / state

চিকিৎসক নে অভিভাৱক : কাৰ ভুলৰ বলি হ'ল চাপৰৰ তিনিমহীয়া শিশু !

author img

By

Published : May 5, 2020, 9:01 PM IST

চিকিৎসাৰ অভাৱত চাপৰৰ এটি তিনিমহীয়া শিশুৰ মৃত্যুৰ ঘটনাই লৈছে অন্য মোৰ ৷ মৃত শিশুৰ পিতৃৰ ভাষ্যৰ বিপৰীত ভাষ্য প্ৰদান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ শিশুটিৰ পিতৃয়ে খণ্ডন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক ৷

three month old baby died in sapor
three month old baby died in sapor

পূৱ বিলাসীপাৰা, 5 মে' : চিকিৎসাৰ অভাৱত দেওবাৰে ধুবুৰী জিলাৰ চাপৰত মৃত্যু হৈছিল এটি তিনিমহীয়া শিশুৰ ৷ বঙাইগাঁৱৰ বহুকেইখন চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে শিশুটিক কোলাত লৈ চিকিৎসা বিচাৰি পিতৃ-মাতৃয়ে হাবাথুৰি খোৱাৰ পাচত অসামৰিক চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰিছিল শিশুটিক ৷ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছিল শিশুটিৰ পিতৃ স্বপন নমোঃদাসে ৷

কিন্তু এই ঘটনা সন্দৰ্ভত বিপৰীত মন্তব্য প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ চিকিৎসকৰপৰা বিষয়টোৰ সম্পৰ্কে তথ্য লৈছিল মন্ত্ৰী শৰ্মাই ৷ সংবাদমেলত চিকিৎসকৰ ভাষ্যৰ উদ্ধৃতি দি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যে, শিশুটিৰ অভিভাৱকে "ৰেফাৰ চাৰ্টিফিকেট" বিচাৰিহে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ গৈছিল ৷

কাৰ ভুলৰ বলি হ'ল চাপৰৰ তিনিমহীয়া শিশুটি !

কিন্তু স্বাস্থ্যমন্ত্ৰী এই ভাষ্যক সম্পূৰ্ণৰূপে খণ্ডন কৰি স্বপন নমোঃদাসে কয় যে, বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে ভুল তথ্য প্ৰদান কৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৷ চিকিৎসালয় সমূহত হাতে-ভৰিয়ে ধৰিও চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবে একমাত্ৰ কণমানি সন্তানক হাততে হেৰুৱাব লগা হোৱা বুলি দাবী কৰে ব্যক্তিগৰাকীয়ে ৷

লগতে পঢ়ক : চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিও বচাব নোৱাৰিলে সন্তানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.