ETV Bharat / state

ধুবুৰীত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান

author img

By

Published : Mar 19, 2020, 5:24 PM IST

ধুবুৰীৰ হাটশিঙিমাৰীত খাদ্য আৰু অসামৰিক যোগান বিভাগে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে আৰম্ভ কৰিছে সজাগতা অভিযান ৷ বিভাগটোৰ এটা দলে চহৰখনৰ বিভিন্ন এলেকাত গৈ খাদ্য সুৰক্ষা সম্পৰ্কত অভিযান চলায় ৷

Food officer inspection at dhubri due to awarness covid 19 dhubri assam etv bharat news
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান

ধুবুৰী,19 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে অভিযান চলিছে ধুবুৰীৰ হাটশিঙিমাৰীত ৷ কৰ’ণা ভাইৰাছে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাত ভাইৰাছবিধৰ পৰা ৰক্ষা পাবলৈ ধুবুৰীত তৎপৰ হৈছে জিলা প্ৰশাসন ৷ জিলাখনৰ স্বাস্থ্য বিভাগৰ এটা দলে হাটশিঙিমাৰীৰ খাদ্য আৰু অসামৰিক যোগান বিষয়াৰ সহযোগত মানকাচৰ চহৰৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে চহৰখনৰ মাছ-মাংসৰ বজাৰ, হোটেল আদিত প্ৰৱেশ কৰি খোৱাসামগ্ৰী সমুহ পৰীক্ষা কৰে ৷

কৰ’ণা ভাইৰাছ সংক্ৰান্তত সজাগতা

আনহাতে,যিকোনো খাদ্য মুক্তভাৱে নাৰাখি ঢাকি ৰখাৰ পৰামৰ্শ প্ৰদান কৰে দলটোৱে ৷ সমান্তৰালকৈ বজাৰখন পৰিষ্কাৰ কৰি ৰখাৰো পৰামৰ্শ দিয়ে দলটোৱে । ৰাইজৰ সজাগতাই ভাইৰাছ প্ৰতিৰোধৰ মুল অস্ত্ৰ বুলি ব্যক্ত কৰে অভিযানকাৰী দলটোৰ বিষয়াসকলে ৷

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অভিযান

লগতে চাওকঃ নিৰাপত্তাহীনতাত যোৰহাটৰ টিমটিমিয়া গাঁৱবাসী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.