ETV Bharat / state

বলিয়া বানে বুৰালে মহাত্মা গান্ধী আদৰ্শ কোভিড 19 চিকিৎসালয়

author img

By

Published : Jun 29, 2020, 2:11 PM IST

বানৰ কবলত পৰিছে ধুবুৰীৰ বিলাসীপাৰাস্থিত মহাত্মা গান্ধী আদৰ্শ কোভিড 19 চিকিৎসালয় ৷ ফলত চিকিৎসাধীন হৈ থকা ৰোগীসকলক জিলা প্ৰশাসনৰ তৎপৰতাত স্থানান্তৰিত কৰা হৈছে মটেৰঝাৰ কোভিড 19 চিকিৎসালয়লৈ ৷

Flood effected mahatma gandhi model covid 19 hospital bilasipara dhubri assam etv bharat news
বানৰ কবলত মহাত্মা গান্ধী আদৰ্শ কোভিড 19 চিকিৎসালয়

বিলাসীপাৰা,29 জুন: ধুবুৰী জিলাত অপৰিৱৰ্তিত ৰূপত বান পৰিস্থিতি ৷ জিলাখনৰ বিলাসীপাৰাৰ বগৰীবাৰীত টিপকাই নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷ শেহতীয়াকৈ কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আটানী বজাৰস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ক স্বীকৃতি প্ৰদান কৰিছিল অস্থায়ী কোভিড 19 চিকিৎসালয়ৰূপে ৷ কিন্তু পৰিতাপৰ বিষয় শেহতীয়া বানে প্লাৱিত কৰিছে চিকিৎসালয়খন ৷

বৰ্তমানে চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰি আছে প্ৰায় 45 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীয়ে ৷ বানে চিকিৎসালয় চৌহদ বুৰাই পেলোৱাত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে কৰ্মৰত চিকিৎসক,নাৰ্চকে ধৰি চিকিৎসা গ্ৰহণ কৰি থকা ৰোগীসকলৰ মাজত ৷ সেয়ে জিলা প্ৰশাসনৰ তৎপৰতাত ততাতৈয়াকৈ কৰ’ণাত আক্ৰান্ত ৰোগীসকলক জিলাখনৰ মটেৰঝাৰ কোভিড 19 চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে ৷

লগতে চাওকঃ ভয়ংকৰ ৰূপ ধাৰণৰ দিশে লংগাই নৈৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.