ETV Bharat / state

ধুবুৰী সীমান্তত বিপদৰ সন্মুখীন বি এছ এফ জোৱান!! - etv bharat assam

ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তী বি এছ এফ কেম্পত কৰ্তব্যৰত জোৱান সকল ক্ৰমান্বয়ে চৰম বিপদৰ সন্মুখীন হৈছে । কাৰণ বিগত সময়ছোৱাত পানীৰ তলত আছিল সীমান্তৰ প্ৰতিটো বি এছ এফ কেম্প তথা বিওপি সমূহ

বিপদৰ সন্মুখীন সীমান্তৰ বি এছ এফ জোৱান
author img

By

Published : Jul 22, 2019, 7:05 PM IST

ধুবুৰী,22 জুলাইঃ ধুবুৰীৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। পানী কমিলেও বিপদৰ সন্মুখীন হৈছে সীমান্তৰ বি এছ এফ জোৱানসকল।

বিপদৰ সন্মুখীন সীমান্তৰ বি এছ এফ জোৱান
ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তী বি এছ এফ কেম্পত কৰ্তব্যৰত জোৱানসকল ক্ৰমান্বয়ে বিপদৰ সন্মুখীন হৈছে। কাৰণ বিগত সময়ছোৱাত পানীৰ তলত আছিল সীমান্তৰ প্ৰতিটো বি এছ এফ কেম্প তথা বি ও পিসমূহ । যাৰ বাবে কেম্পৰ ভিতৰ বাহিৰে কেৱল বোকা হৈ পৰাৰ বিপৰীতে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে । ফলত নাৱত থাকি কৰ্তব্য পালন কৰাৰ বিপৰীতে ভৰিত গাম বুট লগাই পালন কৰিছে কৰ্তব্য। আনহাতে, বোকাময় পৰিৱেশে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাব পাৰে বুলি চিন্তিত হৈ পৰিছে বি এছ এফ জোৱান সকল ।

Intro: ধুবুৰীৰ বান পৰিস্থিতি কিছু পৰিমানে উন্নত হৈছে যদিওঁ বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বৰ্তমান পানী কমিলেও বিপদৰ সন্মুখীন হৈছে সীমান্তৰ বি এছ এফ সকল।

Body:

হয়, বৰ্তমান ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ জলস্তৰ কৰিবলৈ আৰম্ভ কৰিছে। যদিওঁ এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। এনে সময়তে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তী বি এছ এফ কেম্পত কৰ্তব্যৰত বি এছ এফ জোৱান সকল ক্ৰমান্বয়ে চৰম বিপদৰ সন্মুখীন হৈছে। কাৰণ সীমান্তৰ প্ৰতিটো বি এছ এফ কেম্প তথা বি ও পি
সমূহত সম্পূৰ্ণৰূপে পানীৰ তলত আছিল। বৰ্তমান কেম্প সমূহৰ পানী ক্ৰমান্বয়ে নামি আহিছে যদিওঁ কেম্পৰ ভিতৰ বাহিৰে কেৱল বোকা হৈ পৰাৰ বিপৰীতে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। ফলত চিন্তিত এতিয়া সীমান্তৰ কৰ্তব্যৰত বি এছ এফ সকল। চাৰিওফালে বোকা বোকা হৈ পৰাৰ ফলত নাওঁত থাকি কৰ্তব্য পালন কৰাৰ বিপৰীতে ভৰিত গাম বুট লগাই পালন কৰিছে কৰ্তব্য। এয়া হৈছে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ ৬৭ নম্বৰ বি এন বি এছ এফৰ বংশীৰ চৰ বি এছ এফ চেক পোষ্ট। এইখন বি এছ এফ চেক পোষ্টত কৰ্তব্যৰত বি এছ এফ জোৱান সকল বান পানীৰ সময়ত কোনোমতে ওখ ঠাই এডোখৰত থাকি বহু কষ্টৰ মাজেৰে দিন ৰাতি পাৰ কৰাৰ লগতে পালন কৰিছে নিজৰ কৰ্তব্য।

Byte:- বি এছ এফ

উল্লেখযোগ্য যে, বানপানীৰ সময়ত উন্মুক্ত ভাৰত বাংলা একাকাৰ হৈ পৰাৰ ফলত দেশৰ প্ৰতিও এক ভাবুকিৰ সৃষ্টি হৈছে। যদিওঁ সীমান্ত সুৰক্ষা বাহিনীয়ে বহু কষ্ট কৰি হলেও দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰি হলেও কৰ্তব্য পালন কৰিবলগীয়া হৈছে। কিন্তু কৰ্তব্য পালনৰ ক্ষেত্ৰত বিভিন্ন সমস্যা তথা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বি এছ এফ জোৱান সকল।।

Conclusion: মুঠৰ ওপৰত সীমান্তৰ প্ৰতিটো বি এছ এফ কেম্পত হোৱা এনে বোকাময় পৰিৱেশে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিব পাৰে বুলি চিন্তিত হৈ পৰিছে বি এছ জোৱান সকল।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.