ETV Bharat / state

বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো বানে ক্ৰমাৎ কালৰূপ ধাৰণ কৰিছে ৷ ব্ৰহ্মপুত্ৰ আৰু বিভিন্ন নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি হোৱাৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চল ইতিমধ্যে বানপানীৰ কবলত পৰিছে ৷ মংগলবাৰে ধুবুৰীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ৷ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিচত মন্ত্ৰী গৰাকী ধুবুৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ বান পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে ৷

author img

By

Published : Jul 14, 2020, 3:54 PM IST

Flood affected area visit minister Pramila rani bramha
বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ

বিলাসীপাৰা,১৪ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো বানে ক্ৰমাৎ কালৰূপ ধাৰণ কৰিছে ৷ ব্ৰহ্মপুত্ৰ আৰু বিভিন্ন নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি হোৱাৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চল ইতিমধ্যে বানপানীৰ কবলত পৰিছে ৷

মঙলবাৰে ধুবুৰীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ৷ ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধীৰেচৰ-তাৰাঙ্গপুৰ অঞ্চল যন্ত্ৰ চালিত নাওৰে বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্তৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ লগতে,মন্ত্ৰী গৰাকীক সংগ দিয়ে বিলাসীপাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ বিধায়ক ক্ৰমে অশোক কুমাৰ সিংহী আৰু হাফিজ বসীৰ আহমেদে ৷ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ লগতে বান পৰিস্থিতি পৰিদৰ্শন কৰে বহু কেইগৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৷

জানিব পৰা মতে,বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিচত মন্ত্ৰী গৰাকী ধুবুৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ বান পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে ৷

উল্লেখযোগ্য যে, ধুবুৰী জিলাত বিপদ সীমাৰ ওপৰৰে অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ বানাক্ৰান্ত সকলে ওখ ভেটি বা মাথাউৰিত আশ্ৰয় লৈছে যদিও উপযুক্ত খাদ্যৰ অভাৱ আৰু বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৷ লগতে,বিস্তৰ কৃষিভূমি অঞ্চল বানপানীত জাহ গৈছে ৷

লগতে পঢ়ক : তিতাবৰৰ প্ৰথমগৰাকী কৰ’ণা আক্রান্তৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.