ETV Bharat / state

বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড, ভষ্মীভূত ১৪ খন ব্যৱসায়ীক প্ৰতিষ্ঠান - ইটিভি ভাৰত

বিলাসীপাৰৰ ধীৰঘাটত পুৱতি নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত ১৪ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে যাহ যোৱাৰ লগতে অহত হয় এজন ব্যক্তি ৷

etv bharat
author img

By

Published : Mar 30, 2019, 9:56 AM IST

নিউজ ডেস্ক, 30 মাৰ্চ : বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড ৷ বিলাসীপাৰা মহকুমাৰ চাপৰৰ ধীৰঘাটত পুৱতি নিশা সংঘটিত হয় অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত এজন ব্যক্তি ৷

fire

পুৱতি নিশা সূত্ৰপাত হোৱা অগ্নিকাণ্ডত 14 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যোৱাৰ লগতে বিস্ফোৰণ ঘটে 5 টাকৈ গেছ চিলিণ্ডাৰৰ ৷ এই অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ সহিদুল ইছলাম নামৰ ব্যৱসায়ী এজন ৷ বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ অগ্নিকাণ্ডত প্ৰায় 35 লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱা বুলি জানিব পৰা গৈছে ৷

আনহাতে,অগ্নিকাণ্ডত আহত ব্যৱসায়ী জনক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় ।

Intro:বিলাসীপাৰা মহকুমাৰ চাপৰৰ ধীৰঘাটত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড। আহত এক।Body:বিলাসীপাৰা পূৱ: বিলাসীপাৰা মহকুমাৰ চাপৰৰ ধীৰঘাট বজাৰত পুৱতি নিশা বিধ্বংসী অগ্নি কাণ্ড। অগ্নি কাণ্ডত জাহ গ'ল ১৪ খনকৈ ব্যবসায়ীক প্ৰতিষ্ঠান।এই অগ্নি কাণ্ডত ৫ টাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ লগতে এজন ব্যৱসায়ী গুৰুতৰ ভাৱে আহত। আহত ব্যৱসায়ীজন শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ সহিদুল ইছলাম বুলি জানিব পৰা গৈছে। ইছলামক ততাতৈয়া কৈ চাপৰ চিকিৎসালয় আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয়। শ্বৰ্ট ছাৰ্কিটৰ পৰা অগ্নিৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । অগ্নি কাণ্ডত প্ৰায় ৩৫ লক্ষাধিক টকাৰ খয়-ক্ষতি হৈছে বুলি জানিব পৰা গৈছে।Conclusion:পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহন উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে।

BYTE : স্থানীয় ৰাইজ।

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.