ETV Bharat / state

ধুবুৰীত অগ্নিকাণ্ড, আহত 3 - assam news

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা সংঘটিত হয় এই অগ্নিকাণ্ড ৷ যাৰ ফলত বহুতো মূল্যৱান সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ উপৰিও আহত হয় শিশুসহ দুজন

ধুবুৰীত অগ্নিকাণ্ড, আহত 3
author img

By

Published : Apr 7, 2019, 1:40 PM IST

ধুবুৰী,7 এপ্ৰিলঃ ধুবুৰীৰ শান্তি নগৰত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত দগ্ধ হয় শিশু সহ দুজন । শিবু ঘোষ নামৰ লোকজনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা সংঘটিত হয় এই অগ্নিকাণ্ড ৷ যাৰ ফলত ব্যক্তিগৰাকীৰ বহুতো মূল্যৱান সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ উপৰিও আহত হয় শিশুসহ দুজন ৷ শিবু ঘোষৰ পত্নী শিবানী ঘোষে ধূপকাঠী জ্বলাই পূজা দিবলৈ লওঁতেই হঠাৎ ঘৰখনত জুইয়ে আৱৰি ধৰে । লগে লগে পৰিয়ালটোত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ । ঘটনা সংঘটিত হোৱাৰ পাচতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় ৷ আনহাতে, অগ্নিকাণ্ডত আহত হোৱা শিশু আৰু মহিলাগৰাকীক ধুবুৰী অসামৰিক চিকিৎসালয়ত লৈ ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে দুয়োকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে ।

Intro: ধুবুৰীত অগ্নিকাণ্ডৰ ঘটনা। ধুবুৰীৰ শান্তি নগৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হয় শিশু সহ দুজন।

Body: ধুবুৰীৰ শান্তি নগৰত অগ্নিকাণ্ডৰ ঘটনা। ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰা সূত্ৰপাত হোৱা জুইয়ে মুহুৰ্তৰ ভিতৰত আৱৰি ধৰে শিবু ঘোষ নামৰ লোকজনৰ ঘৰখন। ফলত ঘৰখনৰ বিভিন্ন সা সামগ্ৰীৰ ক্ষতি সাধন হোৱাৰ বিপৰীতে শিশু মহিলা সহ দুজন অগ্নিদগ্ধ হয়। জানিব পৰা মতে ঘোষৰ পত্নী শিবাণী ঘোষে ধূপকাঠী জ্বলাই পূজা দিবলৈ লওঁতেই হঠাৎ ঘৰখনত জুইয়ে আৱৰি ধৰে। লগে লগে পৰিয়ালটোত হাহাকাৰৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰে যদিওঁ অগ্নিকাণ্ডৰ ফলত শিবাণী ঘোষ নামৰ এগৰাকী মহিলা ঐন্দ্ৰীলা ঘোষ নামৰ এটি শিশু গুৰুতৰ ভাবে আহত হয়। লগে লগে দুয়োকে ধুবুৰী অসামৰিক চিকিৎসালয়ত লৈ ভৰ্তি কৰোৱা হয়। যদিওঁ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে দুয়োকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে।
ইপিনে পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, অশোক গেছ চাৰ্ভিছ এজেঞ্চিয়ে যোগান ধৰা ৰন্ধন গেছ চিলিণ্ডাৰ লিক থকাৰ বাবেই এই ঘটনা হৈছে। দৰাচলতে চিলিণ্ডাৰ সমূহ যোগান দিয়াৰ সময়ত কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ যোগান দিয়া হয় বুলি অভিযোগ কৰে ভুক্তভোগী পৰিয়ালটোৱে। এই অগ্নিকাণ্ডৰ বাবে অশোক গেছ এজেঞ্চি সম্পূৰ্ণৰূপে দায়ী বুলি অভিযোগ কৰে পৰিয়ালটোৱে।

Conclusion: উল্লেখযোগ্য যে, ভুক্তভোগী পৰিয়ালটোৱে অভিযোগ কৰা মতেই যদি এই অগ্নিকাণ্ডৰ বাবে অশোক গেছ এজেঞ্চি দায়ী তেন্তে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত কেনে ধৰণৰ তদন্ত প্ৰক্ৰিয়া চলে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.