ETV Bharat / state

হাটশিঙিমাৰীত শিক্ষক ৰিজাউল ইছলামৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ - DHUBRI

টকা আৰু মোবাইল ফোন কাঢ়ি লৈ ট্ৰাক চালকক প্ৰচণ্ড মাৰপিট । গ্ৰেপ্তাৰৰ দাবীত থানাত গোচৰ ৰুজু ভুক্তভোগী চালকৰ ।

হাটশিঙিমাৰীত শিক্ষক ৰিজাউল ইছলামৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ
author img

By

Published : Aug 12, 2019, 9:21 AM IST

ধুবুৰী,12 আগষ্টঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ শান্তিপুৰ গাঁৱৰ ৰিজাউল ইছলাম নামৰ এজন শিক্ষকে একাংশ গুণ্ডা বাহিনী লগত লৈ দুজন ট্ৰাক চালক মুক্তাৰ হুছেইন আৰু আবেদ খানক আক্ৰমণ কৰি প্ৰচণ্ড মাৰপিট কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হাটশিঙিমাৰীত ।

হাটশিঙিমাৰীত শিক্ষক ৰিজাউল ইছলামৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ

অভিযোগ মতে, AS-01-DD-9336 নম্বৰৰ এখন ট্ৰাকে কোকৰাডাঙা ঘাটৰ পৰা সুখচৰ সমবায় সমিতিৰ ভড়াল ঘৰলৈ চাউল লৈ অহাৰ সময়তে সমবায় সমিতিত প্ৰৱেশ কৰা ৰাস্তাৰ মাজত এখন মটৰ চাইকেলে ৰাস্তা আৱদ্ধ কৰি ৰখা দেখা পাইছিল । চালকজনে ট্ৰাকৰ পৰা নামি মটৰ চাইকেলখন ৰাস্তাৰ পৰা আঁতৰোৱাৰ কথা কোৱাৰ লগে লগে শিক্ষক ৰিজাউল ইছলামে একাংশ লোকক লগত লৈ ট্ৰাক চালকজনক আক্ৰমণ কৰি প্ৰচণ্ড মাৰপিট কৰে আৰু প্ৰাণে মৰাৰ ভাবুকি দিয়ে । ঘটনা সন্দৰ্ভত চালকজনে ট্ৰাক মালিকক ফোন কৰাত শিক্ষক ৰিজাউল ইছলামে চালক জনৰ পৰা মোবাইল ফোন আৰু ৫ হেজাৰ ২০০ টকা কাঢ়ি লৈ ট্ৰাকৰ আগ ফাল ভাঙি চেপা কৰে । জীৱন ৰক্ষাৰ বাবে চালক জন ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ চেষ্টা চলায় যদিও শিক্ষক জনে ইটাৰে চালক জনক আঘাতপ্ৰাপ্ত কৰে । চিঞৰ বাখৰৰ শব্দ শুনি ওচৰ চুবুৰীয়াৰ আন এজন চালক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায় যদিও আন চালক জনকো গুণ্ডা বাহিনী লৈ শিক্ষক জনে আক্ৰমণ কৰে।শেহতীয়াকৈ, ঘটনা সন্দৰ্ভত ট্ৰাক চালক সন্থা, মালিক সন্থা আৰু সুখচৰ সমবায় সমিতিৰ সম্পাদক আৰু সচেতন মহলে শিক্ষক সমাজক কলংকিত গুণ্ডাগিৰি কৰা শিক্ষক ৰিজাউল ইছলাম সহ তেওঁৰ গুণ্ডা বাহিনীক কৰায়ত্ব কৰাৰ দাবী জনায় চৰকাৰ তথা প্ৰশাসনক । ইফালে চালক জনে শিক্ষক ৰিজাউল ইছলাম সহ তেওঁৰ গুণ্ডা বাহিনীক গ্ৰেপ্তাৰ কৰা দাবীলৈ খাৰুৱাবান্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ অৱশ্যে ঘটনাৰ আঁৰত কি ৰহস্য লুকাই আছে সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব৷

Intro:হাটশিঙিমাৰীত শিক্ষক ৰিজাউল ইছলামৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ। টকা আৰু মোবাইল ফোন কাঢ়ি লৈ ট্ৰাক চালকক প্ৰচণ্ড মাৰপিট। গ্ৰেপ্তাৰৰ দাবীত থানাত গোচৰ ৰুজু ভুক্তভোগী চালকৰ।Body: দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ শান্তিপুৰ গাঁৱৰ ৰিজাউল ইছলাম নামৰ এজন শিক্ষকে একাংশ গুণ্ডা বাহিনী লগত লৈ দুজন ট্ৰাক চালক মুক্তাৰ হুছেইন আৰু আবেদ খানক আক্ৰমণ কৰি প্ৰচণ্ড মাৰপিট কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হাটশিঙিমাৰীত। অভিযোগ মতে, AS-01-DD-9336 নম্বৰৰ এখন ট্ৰাকে কোকৰাডাঙা ঘাটৰ পৰা সুখচৰ সমবায় সমিতিৰ ভড়াঁল ঘৰলৈ চাউল লৈ অহাৰ সময়তে সমবায় সমিতিত প্ৰবেশ কৰা ৰাস্তাৰ মাজত ৰাস্তা আবদ্ধ কৰি ৰখা এটা মটৰ চাইকেল দেখা পাইছিল। চালক জনে ট্ৰাকৰ পৰা নামি মটৰ চাইকেল খন কাৰ হয় বুলি কৈ ৰাস্তাৰ পৰা আঁতৰোৱাৰ কথা কোৱাৰ লগে লগে শিক্ষক ৰিজাউল ইছলামে একাংশ লোকক লগত লৈ ট্ৰাক চালকজনক আক্ৰমণ কৰি প্ৰচণ্ড মাৰপিট কৰে আৰু প্ৰাণে মাৰাৰ ভাবুকি দিয়ে। ঘটনা সন্দৰ্ভত চালক জনে ট্ৰাক মালিকক ফোন কৰাত শিক্ষক ৰিজাউল ইছলামে চালক জনৰ পৰা মোবাইল ফোন আৰু ৫ হেজাৰ ২০০ টকা কাঢ়ি লৈ ট্ৰাকৰ আগ ফাল ভাঙি চেপা কৰে। জীৱন ৰক্ষাৰ বাবে চালক জন ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ চেষ্টা চলায় যদিও শিক্ষক জনে ইটাৰে চালক জনক আঘাতপ্ৰাপ্ত কৰে। পিছে চিঞৰ বাখৰৰ শব্দ শুনি ওচৰ চুবুৰীয়াৰ আন এজন চালক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায় যদিও আন চালক জনকো গুণ্ডা বাহিনী লৈ শিক্ষক জনে আক্ৰমণ কৰে।

শেহতীয়াকৈ, ঘটনা সন্দৰ্ভত ট্ৰাক চালক সন্হা, মালিক সন্হা আৰু সুখচৰ সমবায় সমিতিৰ সম্পাদক আৰু সচেতন মহলে শিক্ষক সমাজৰ কলংকিত গুণ্ডাগিৰি কৰা শিক্ষক ৰিজাউল ইছলাম সহ তেওঁৰ গুণ্ডা বাহিনীক কৰায়ত্ব কৰাৰ দাবী জনায় প্ৰশাসন আৰু চৰকাৰক। ইফালে চালক জনে শিক্ষক ৰিজাউল ইছলাম সহ তেওঁৰ গুণ্ডা বাহিনীক গ্ৰেপ্তাৰ কৰা দাবীলৈ খাৰুৱাবান্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। Conclusion:ঘটনাটোৰ আঁৰত কি ৰহস্য লুকাই আছে এয়া আৰক্ষীৰ চৰ জমিন তদন্তৰ পিছতহে পোহৰলৈ আহিব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.