বিলাসীপাৰা, 20 অক্টোবৰ: বিলাসীপাৰাত মানৱ জীৱনক লৈ হেতালি ভুৱা চিকিৎসকৰ ৷ সোমবাৰে নিশা মুন্নাভাই ৰূপী এজন চিকিৎসক আটক কৰে বিলাসীপাৰা আৰক্ষীয়ে ৷ আটকাধীন ভুৱা চিকিৎসকজন জি ছি পাল বুলি চিনাক্ত কৰা হৈছে ৷ দণ্ডাধীশৰ উপস্থিতিত ভুৱা চিকিৎসকজনৰ ক্লিনিক ছীল কৰি দিয়ে আৰক্ষীয়ে ৷
প্ৰাপ্ত তথ্য অনুসৰি, বিলাসীপাৰা চহৰৰ জে পি ৰোডত সাহা দন্ত চিকিৎসালয় নামৰ এখন ক্লিনিক খুলি চিকিৎসক জি ছি পালে দীৰ্ঘদিনে চলাই আহিছিল চিকিৎসা ৷ অভিযোগৰ ভিত্তিত সোমবাৰে নিশা বিলাসীপাৰা মহকুমা দণ্ডাধীশৰ উপস্থিতিত চিকিৎসালয়খনত অভিযান চলায় আৰক্ষীয়ে ৷ অভিযানত ভুৱা চিকিৎসক জি ছি পালক আটক কৰাৰ লগতে চিকিৎসালয়খনৰ পৰা জব্দ কৰা হয় বহু ভুৱা নথি পত্ৰ ৷
স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, চহৰখনত বহু ভুৱা চিকিৎসকে ক্লিনিক খুলি নিৰ্বিবাদে চলাই আহিছে চিকিৎসা সেৱা ৷ চহৰখনত ভৰি পৰিছে বহু কেইখন অবৈধ ফাৰ্মাচী ৷ এনে দিশত প্ৰশাসন অথবা আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সাধৰণ জনতাৰ ৷
অন্য এক খবৰৰ বাবে:সুখবৰ: আহি আছে গীতাশ্ৰী থিয়েটাৰ