ETV Bharat / state

চাপৰত নিৰ্বাচনী হিংসা - assam poll

এআইইউডিএফৰ প'ষ্টাৰ ফলাক কেন্দ্ৰ কৰি চাপৰত নিৰ্বাচনী হিংসা ৷ বিজেপি আৰু মহাজোঁটৰ সমৰ্থকৰ মাজত কাজিয়াৰ সূত্ৰপাত ৷ উভয় পক্ষৰ এজাহাৰ দাখিল ৷

election related violence at sapor a
চাপৰত নিৰ্বাচনী হিংসা
author img

By

Published : Apr 6, 2021, 8:23 AM IST

পূৱ বিলাসীপাৰা,6 এপ্ৰিল: এআইইউডিএফ দলৰ নিৰ্বাচনী প'ষ্টাৰ ফালি বিজেপি দলৰ প'ষ্টাৰ লগোৱাক কেন্দ্ৰ কৰি 4 এপ্ৰিলত বিলাসীপাৰা পূৱ সমষ্টিত বিজেপি আৰু মহাজোঁট দলৰ সমৰ্থকৰ মাজত তীব্ৰ কাজিয়াৰ সূত্ৰপাত ঘটে ৷

এআইডিইউএফৰ প'ষ্টাৰ ফলাক কেন্দ্ৰ কৰি চাপৰত নিৰ্বাচনী হিংসা

ঘটনাৰ বিৱৰণী অনুসৰি বহলপুৰৰ মৌখোৱা গাঁৱত এঘৰ লোকৰ ঘৰৰ বেৰত এআইইউডিএফ দলৰ নিৰ্বাচনী প'ষ্টাৰ ফালি বিজেপি দলৰ প'ষ্টাৰ লগোৱাৰ পাছতে দুয়ো পক্ষৰ সমৰ্থকৰ মাজত তীব্ৰ কাজিয়াৰ সূত্ৰপাত ঘটে ৷ ঘটনা পাছলৈ মাৰপিটলৈ ৰূপান্তৰ হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷

জানিব পৰা মতে, দুয়োপক্ষই উভয়ৰ বিপক্ষে চাপৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে সোমবাৰে মহাজোঁট দলৰ সমৰ্থক সকলে দোষীক কৰায়ত্ব কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক: বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.