ETV Bharat / state

২১ ৰ বিধানসভা নিৰ্বাচনত পৰাস্ত হ'ব হিমন্ত আৰু সৰ্বানন্দ সোণোৱাল: দুৰ্গা দাস বড়ো

author img

By

Published : Jun 23, 2020, 10:36 PM IST

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ ফলত ভয়ত কঁপিছে ৰাজনৈতিক দল সমূহ বুলি কংগ্ৰেছৰ মুখপাত্ৰ তথা বিটিচি নিৰ্বাচনী তদাৰকী সমিতিৰ অধ্যক্ষ দুৰ্গা দাস বড়োৱে তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে ৷

DURGADAS CHALLENGE TO HIMANTA SARBANONDA
২১ ৰ বিধানসভা নিৰ্বাচনত হিমন্ত আৰু সৰ্বানন্দ সোণোৱাল হাৰিবঃ দুৰ্গা দাস বড়ো

ধুবুৰী,23জুনঃ সমাগত বিটিচি নিৰ্বাচন, তেনে সময়তে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ ফলত ভয়ত কঁপিছে বিজেপি, মন্ত্ৰী হিমন্ত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কাৰণ ২০২১ ৰ বিধানসভা নিৰ্বাচনত হাৰিব হিমন্ত আৰু সৰ্বানন্দ ৷ এই দাবী কৰিলে মঙলবাৰে কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৱে।

উল্লেখযোগ্য যে নিৰ্বাচনৰ দিন ঘোষণা নকৰিলেও বি পিএফ, ইউ পি পি এল, আৰু কংগ্ৰেছ-এ আই ইউ ডি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে। ইপিনে বিগত পোন্ধৰটা বছৰ শাসনৰ গাদী দখল কৰি থকা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী সম্প্ৰতি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। এনে সময়তে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে মিত্ৰতাৰে বি টি চিৰ ২০ খনকৈ আসনত প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছে। যাৰ ফলত হাগ্ৰামাৰ নিৰ্বাচনী অংকত এইবাৰ আউল লাগিছে বুলি চৰ্চা চলিছে।

এনে সময়তে আজি এখন সভাত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা বিটিচি নিৰ্বাচনী তদাৰকী সমিতিৰ অধ্যক্ষ দুৰ্গা দাস বড়োই নিজৰ ভাষণত হিমন্ত আৰু সৰ্বানন্দ আগন্তুক বিধানসভা নিৰ্বাচনত হাৰিব বুলি দাবী কৰাৰ লগতে বিপিএফ প্ৰধান হাগ্ৰামাৰ লগতে নতুনকৈ ৰাজনৈতিক মঞ্চত ভৰি দিয়া প্ৰমোদ বড়োক ক্ষুৰধাৰ সমালোচনা কৰে। লগতে হাগ্ৰামাই বিগত পোন্ধৰ টা বছৰত কেৱল উন্নয়নৰ নামত দুৰ্নীতি সংঘটিত কৰি আহিছে বুলি অভিযোগ কৰে দূৰ্গা দাস বড়োৱে ।লগতে পঢকঃ অসম-মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰত মিজো দুষ্কৃতিৰ আগ্ৰাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.