ETV Bharat / state

সাংবাদিক পুত্ৰক গ্ৰেপ্তাৰত শোকস্তব্ধ হৈ পিতৃৰ বিয়োগ - বন প্ৰাধীকৰণ বিষয়া

ৰাজ্যত বানপানীৰ সন্ত্ৰাস চলাই থকাৰ সময়তে বুধবাৰে নিশা ধুবুৰীত এক মৰ্মান্তিক ঘটনা সংঘটিত হয় ৷ ধুবুৰীত কৰ্মৰত ৰাজ্যৰ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংৱাদিক ৰাজীৱ শৰ্মাক বুধবাৰৰ নিশা প্ৰায় ২ বজাত তেখেতক ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাসগৃহৰ পৰা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই ধুবুৰীসহ সমগ্ৰ জিলাখনৰ সংৱাদ মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইফালে,মাজনিশা সাংবাদিক পুত্ৰক আৰক্ষীয়ে উঠাই লৈ যোৱাৰ পিচত শোকস্তব্ধ হৈ পৰে সাংবাদিক গৰাকীৰ 64 বছৰীয়া পিতৃ সুধীন শৰ্মা ৷ আনকি,পুত্ৰৰ শোকত সাংবাদিক গৰাকীৰ পিতৃৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে ৷

Duburi Reporter arrested, Reporter father dead
সাংবাদিক পুত্ৰক গ্ৰেপ্তাৰত শোকস্তব্ধ হৈ পিতৃৰ বিয়োগ
author img

By

Published : Jul 16, 2020, 10:41 PM IST

ধুবুৰী, 16 জুলাই : ৰাজ্যত বানপানীৰ সন্ত্ৰাস চলাই থকাৰ সময়তে বুধবাৰে নিশা ধুবুৰীত এক মৰ্মান্তিক ঘটনা সংঘটিত হয় ৷ পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ শোকত মৃত্যু হয় পিতৃৰ ৷ ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত হয় এই ঘটনা ৷

সাংবাদিক পুত্ৰক গ্ৰেপ্তাৰত শোকস্তব্ধ হৈ পিতৃৰ বিয়োগ

ঘটনাৰ বিৱৰণ অনুসৰি,ধুবুৰীত কৰ্মৰত ৰাজ্যৰ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংৱাদিক ৰাজীৱ শৰ্মাক বুধবাৰৰ নিশা প্ৰায় ২ বজাত তেখেতক ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাসগৃহৰ পৰা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই ধুবুৰী সহ সমগ্ৰ জিলাখনৰ সংবাদ মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ নিশা আটক কৰি সাংবাদিক গৰাকীক আৰক্ষীৰ লকআপত ৰাখি বৃহস্পতিবাৰে স্বাস্থ্য পৰীক্ষা কৰাই ধুবুৰী ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয় সাংবাদিক গৰাকীক । ইফালে,মাজনিশা সাংবাদিক পুত্ৰক আৰক্ষীয়ে উঠাই লৈ যোৱাৰ পিচত শোকস্তব্ধ হৈ পৰে সাংবাদিক গৰাকীৰ 64 বছৰীয়া পিতৃ সুধীন শৰ্মা ৷ আনকি,পুত্ৰৰ শোকত সাংবাদিক গৰাকীৰ পিতৃৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত আদালতত জামিন লাভৰ পিচতেই আদালতৰ মজিয়াৰ পৰাই গৈ পিতৃৰ শেষকৃত্য সম্পন্ন কৰিলে একমাত্ৰ পুত্ৰই । ধৰ্মীয় পৰম্পৰা অনুসৰি গৌৰীপুৰ শ্মশানত সন্ধিয়াৰ ভাগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক, ৰাইজ আৰু আত্মীয় স্বজনৰ উপস্থিতিত পিতৃৰ শেষকৃত্য সম্পন্ন কৰিলে সাংবাদিক গৰাকীয়ে ।

উল্লেখযোগ্য যে,ৰাজ্যৰ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংৱাদিক ৰাজীৱ শৰ্মাক বাসগৃহৰ পৰা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই ধুবুৰীসহ সমগ্ৰ জিলাখনৰ সংবাদ মাধ্যমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ ইপিনে,পিতৃৰ আকস্মিক বিয়োগৰ পিচতেই সাংবাদিক পক্ষৰ অধিবক্তাই আদালতত এক জামিন আবেদন দাখিল কৰে । সেইমতে আদালতে তিনি দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে সাংবাদিক গৰাকীক ।

জানিব পৰা মতে,ধুবুৰী জিলা বন প্ৰাধিকৰণ বিষয়া (DFO)ই ধন দাবী সন্দৰ্ভত দাখিল কৰা এক এজাহাৰ মৰ্মে ধুবুৰী সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৯, ৩৮৪, ৩৮৫, ৩৫৪ আৰু ৫০৬ ধাৰাত ৯০৩/২০২০ নম্বৰত ধুবুৰী সদৰ থানাত এটা গোচৰ পঞ্জীয়ন কৰি উক্ত গোচৰ সংক্ৰান্তত সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ ইপিনে,গৰুৰ চোৰাং বেহা,বন বিভাগৰ একাংশৰ অবৈধ কামকে ধৰি বিভিন্ন অবৈধ চিণ্ডিকেটৰ বিৰূদ্ধে মাত মতা তথা বাতৰি পৰিৱেশন কৰা বাবে তেখেতক উদ্দেশ্যে প্ৰণোদিত ভাৱে বিভিন্ন গোচৰ জাপি দিয়া বুলি সাংবাদিক গৰাকীয়ে জানিবলৈ দিয়ে ৷
উল্লেখ্য যে,পুত্ৰক গ্ৰেপ্তাৰৰ পিচতেই পিতৃৰ বিয়োগ আৰু সাংবাদিকক গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সাংবাদিক মহলৰ লগতে অঞ্চলটোৰ সচেতন মহলত ।

লগতে পঢ়ক : কাকীত অখিল গগৈৰ মুক্তিৰ দাবীৰে মানৱ শৃংখল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.