ETV Bharat / state

শিক্ষা মন্ত্ৰীৰ মন্তব্যত ক্ষুব্ধ ধুবুৰীৰ টেট শিক্ষক - driver_controversy

শিক্ষা মন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতেই ৰাজ্যৰ লগতে ধুবুৰীৰ সকলো টেট শিক্ষকে ফেচবুক একাউন্টত নিজৰ নামৰ আগত ড্ৰাইভাৰ লিখি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে । বুধবাৰে জিলাখনৰ টেট শিক্ষক সকলে একত্ৰিত হৈ শিক্ষা মন্ত্ৰী গৰাকীক শিক্ষা বিভাগৰ উন্নয়ন আৰু আমূল পৰিৱৰ্তনৰ ক্ষেত্ৰত ইতিবাচক চিন্তা নকৰি এনে টুলুঙা মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে ।

জাঙুৰ খাই উঠিছে টেট শিক্ষক !
author img

By

Published : Jun 16, 2019, 2:48 PM IST

ধুবুৰী,১৬ জুনঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট শিক্ষকক ড্ৰাইভাৰৰ সৈতে তুলনা কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ হাজাৰ হাজাৰ টেট শিক্ষক। টেট শিক্ষকসকলৰ চাকৰিৰ সময়সীমা পাৰ হোৱাৰ পিছত পুনৰাই টেট পৰীক্ষাত অৱতীৰ্ণ হব লাগিব বুলি শিক্ষা মন্ত্ৰীয়ে কৰা মন্তব্যৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টেট শিক্ষকসকলে । দেওবাৰে ধুবুৰী জিলাৰ টেট শিক্ষক সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱিষ্যতে এনে টুলুঙা মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনালে । ইয়াৰ উপৰি টেট শিক্ষক আৰু শিক্ষা বিভাগ সম্পৰ্কে শিক্ষা মন্ত্ৰীৰ জ্ঞানৰ অভাৱ বুলি কোৱাৰ লগতে শিক্ষা মন্ত্ৰীৰ এই জ্ঞানৰ অভাৱ পূৰণ কৰাৰ বাবে পূৰ্বৰ শিক্ষা মন্ত্ৰীৰ পৰামৰ্শ লবলৈ আহ্বান জনালে শিক্ষা মন্ত্ৰীগৰাকীক ।

জাঙুৰ খাই উঠিছে টেট শিক্ষক !

উল্লেখযোগ্য যে, শিক্ষা মন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতেই ৰাজ্যৰ লগতে ধুবুৰীৰ সকলো টেট শিক্ষকে ফেচবুক একাউন্টত নিজৰ নামৰ আগত ড্ৰাইভাৰ লিখি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে । বুধবাৰে জিলাখনৰ টেট শিক্ষক সকলে একত্ৰিত হৈ শিক্ষা মন্ত্ৰী গৰাকীক শিক্ষা বিভাগৰ উন্নয়ন আৰু আমূল পৰিৱৰ্তনৰ ক্ষেত্ৰত ইতিবাচক চিন্তা নকৰি এনে টুলুঙা মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে । চাকৰি নিয়মীয়াকৰণ নকৰিলে অহা ১৮ জুনত ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰী জিলাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিপৰীতে পৰৱৰ্তী সময়ত দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে টেট শিক্ষক সকলে ।

Intro: ড্ৰাইভাৰ শব্দই জুই জ্বলিছে সমগ্ৰ ৰাজ্যত। টুলুঙা মন্তব্যৰ পৰা বিৰত থাকি পূৰ্বৰ শিক্ষা মন্ত্ৰীৰ পৰা পৰামৰ্শ লোৱাৰ আহ্বান টেট শিক্ষকৰ। লগতে টেট শিক্ষকৰ প্ৰত্যাহ্বান আৰু শেষ সকীয়ানি। শিক্ষকৰ চাকৰিৰ পৰা বৰ্ষস্ত কৰিলেও ভয় নকৰে টেট শিক্ষক। ১৮ জুনত ৰাজ্যজুৰি আন্দোলন।

Body:
টেট শিক্ষকক ড্ৰাইভাৰৰ সৈতে তুলনা কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ হাজাৰ হাজাৰ টেট শিক্ষক। আজি ধুবুৰী জিলাৰ টেট শিক্ষক সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱিষ্যতে এনে টুলুঙা মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ শিক্ষা মন্ত্ৰীক জনালে আহ্বান। আনহাতে টেট শিক্ষক আৰু শিক্ষা বিভাগ সম্পৰ্কে শিক্ষা মন্ত্ৰীৰ জ্ঞানৰ অভাৱ। ইপিনে শিক্ষা মন্ত্ৰীৰ এই জ্ঞানৰ অভাৱ পুৰণ কৰাৰ বাবে পূৰ্বৰ শিক্ষা মন্ত্ৰীৰ পৰামৰ্শ লবলৈ আহ্বান জনালে শিক্ষা মন্ত্ৰী ভট্টাচাৰ্য্যক। উল্লেখযোগ্য যে, শিক্ষা মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য কৰাৰ পিছতো ৰাজ্যৰ লগতে ধুবুৰীৰ সকলো টেট শিক্ষকে ফেচবুক একাউন্টত নিজৰ নামৰ আগত ড্ৰাইভাৰ লিখি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। ইপিনে আজি জিলাৰ টেট শিক্ষক সকলে একত্ৰিত হৈ শিক্ষা মন্ত্রী গৰাকীক শিক্ষা বিভাগৰ উন্নয়ন আৰু আমূল পৰিবৰ্তনৰ ক্ষেত্ৰত ইতিবাচক চিন্তা নকৰি এনে টুলুঙা মন্তব্য নকৰিবলৈ শেষ সকীয়ানি আহ্বান। আনহাতে শিক্ষামন্ত্ৰীয়ে সুৰ সলনি কৰাৰ পিছত টেট শিক্ষকৰ প্ৰতিক্ৰিয়া। টেট শিক্ষকৰ পৰামৰ্শ শিক্ষামন্ত্ৰী লৈ।
Byte:- (802, 804) টেট শিক্ষক

ইপিনে শিক্ষা মন্ত্ৰীৰ বিতৰ্কিত মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ বিপৰীতে শিক্ষা মন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনাই শিক্ষকতাৰ পৰা বহিস্কাৰ কৰিলেও ভয় নকৰে টেট শিক্ষকে।
Byte:- (803) টেট শিক্ষক

আনহাতে টেট শিক্ষক সকলৰ চাকৰিৰ সময়সীমা পাৰ হোৱাৰ পিছত পুনৰায় টেট পৰীক্ষাত অৱতীৰ্ণ হব লাগিব বুলি শিক্ষা মন্ত্ৰীয়ে কৰা মন্তব্যৰ পিছত টেট শিক্ষকৰ প্ৰতিক্ৰিয়া। চাকৰি নিয়মীয়াকৰণ নকৰিলে অহা ১৮ জুনত ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰী জিলাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ বিপৰীতে পৰৱৰ্তী সময়ত দিছ্পুৰ ঘেৰাও কাৰ্য্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে টেট শিক্ষক সকলে।
Byte:- (805) টেট শিক্ষক

Conclusion: এতিয়া শিক্ষা মন্ত্ৰীয়ে সুৰ সলনি কৰিলেও এই কথা সহজে মানি লোৱা নাই টেট শিক্ষক সকলে। অৱশ্যে টেট শিক্ষকৰ প্ৰতিবাদে কোন দিশলৈ গতি কৰে সেয়া পৰৱৰ্তী সময়তহে দেখা পোৱা যাব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.