বিলাসীপাৰা,18 মাৰ্চঃ যৌতুকৰ দাবীত বিলাসীপাৰাত এগৰাকী বোৱাৰীক পাশৱিক নিৰ্যাতন চলালে স্বামীয়ে ৷ বিলাসীপাৰা মহকুমাৰ বাঘমাৰী গাঁৱৰ নিলীমা বেগমে ১২ বছৰ পূৰ্বে সামাজিক প্ৰথাৰে বিয়া হৈছিল বিলাসীপাৰা চহৰৰ ৯ নম্বৰ ৱাৰ্ডৰ জয়নুল হকৰ লগত ৷ বিয়াৰ পিছৰে পৰা জয়নুল হকে যৌতুক দাবী কৰি নিলীমা বেগমক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ নিৰ্যাতিতা মহিলা গৰাকীৰ ৷ শেহতীয়াকৈ এক লাখ টকা যৌতুক হিচাপে বিচাৰি দুটা সন্তানৰ মাতৃ নিলীমা বেগমক হেঁচা প্ৰয়োগ কৰিবলৈ লয় স্বামীয়ে ৷ পিতৃহীনা নিলীমাই টকা আনি দিবলৈ অস্বীকাৰ কৰাত মাৰপিট আৰম্ভ কৰে স্বামীয়ে ৷ কিল,ঘোঁচাৰে বোৱাৰী গৰাকীৰ মূৰত,শৰীৰত আঘাত কৰাৰ লগতে লাঠিৰে কোবাই বোৱাৰী গৰাকীক অমানুষিক নিৰ্যাতন চলাই ৷ পিছত ঘটনা সন্দৰ্ভত জানিব পাৰি বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোক আহি তেওঁক চিকিৎসালয়লৈ নিয়াৰ লগতে বিলাসীপাৰা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে স্বামী জয়নুল হকৰ বিৰুদ্ধে ৷ এই পৰ্যন্ত আৰক্ষীয়ে অভিযুক্ত জয়নুল হকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷
যৌতুকৰ দাবীত বিলাসীপাৰাত এগৰাকী বোৱাৰীক পাশৱিক নিৰ্যাতন
বিলাসীপাৰা চহৰৰ ৯ নম্বৰ ৱাৰ্ড বানিয়াপাৰাত যৌতুকৰ দাবীত এগৰাকী বোৱাৰীক পাশৱিক নিৰ্যাতন চলালে স্বামীয়ে ৷ নিৰ্যাতিতা বোৱাৰী গৰাকীয়ে কৰা অভিযোগ মতে,তেওঁৰ স্বামীয়ে যৌতুক দাবী কৰি তেওঁৰ ওপৰত দীৰ্ঘদিন ধৰি চলাই আহিছে শাৰিৰীক আৰু মানসিক নিৰ্যাতন ৷ মঙলবাৰে ইয়াৰ চৰম ৰূপ ধাৰণ কৰে ৷ বোৱাৰী গৰাকীৰ মূৰত গুৰুতৰ আঘাত কৰাৰ লগতে লাঠিৰে কোবাই উঘালি পেলাই তিনিটাকৈ দাঁত ৷