ETV Bharat / state

বিলাসীপাৰাত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা : এসপ্তাহে উৰি থাকিল তিৰংগা - নয়াহাট আৰক্ষী চকী

এসপ্তাহ ধৰি নিজৰ চোতালত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাখি আইনৰ ৰোষত পৰে এজন লোক ৷ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নয়াহাটৰ জাহানুৰ ইছলামে বিগত এসপ্তাহে নিজৰ ঘৰৰ চোতালত উত্তোলন কৰি ৰাখিছিল সন্মানীয় ৰাষ্ট্ৰীয় পতাকাখন ৷ ঘটনা সন্দৰ্ভত জানিব পাৰি নয়াহাট আৰক্ষী চকীৰ এটা দলে ইছলামৰ ঘৰত উপস্থিত হৈ সন্মান-সহকাৰে পতাকাখন নমাই অনাৰ লগতে এটা গোচৰ ৰুজু কৰে ৷

Dishonour to National Flag, FIR registered in Bilasipara Assam
বিলাসীপাৰাত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা : এসপ্তাহে উৰি থাকিল তিৰংগা
author img

By

Published : Feb 2, 2020, 10:10 PM IST

পশ্চিম বিলাসীপাৰা, 2 ফেব্ৰুৱাৰীঃ বিগত এসপ্তাহে উৰি থাকিল দেশৰ ৰাষ্ট্ৰীয় পতাকা ৷ এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নয়াহাটত ৷ ঘটনা অনুসৰি, নয়াহাটৰ জাহানুৰ ইছলাম নামৰ লোকজনৰ চোতালত 26 জানুৱাৰীৰ সন্ধিয়াৰ পৰাই এইদৰে উৰি আছিল ৰাষ্ট্ৰীয় পতাকাখন ৷ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰানিৰঝাৰ ১ম খণ্ড গাঁৱৰ জাহানুৰ ইছলামে নিজৰ ঘৰত গণৰাজ্য দিৱসৰ দিনা উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকা খন ২ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰৰ বিয়লিলৈকে উত্তোলন কৰি ৰাখে ৷ এই ঘটনাৰ বিষয়ে জানিব পাৰি নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটা উপস্থিত হৈ সন্মান সহকাৰে পতাকাখন নমাই আনে ৷

বিলাসীপাৰাত এসপ্তাহে উৰি থাকিল তিৰংগা

প্ৰকৃততে ৰাষ্ট্ৰীয় পতাকা খনৰ উত্তোলনৰ সাম্যক জ্ঞান নথকাৰ বাবে আজিও লোকজনে এইদৰে পতাকাখন উত্তোলন কৰি ৰাখিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ ইফালে ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ অপৰাধত আৰক্ষী চকীত জাহানুৰ ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷

Intro:Slug: Bilasipara. Rastrio Potaka Obomanona,
Date - 2/2/2020
Anchor - বিলাসীপাৰাৰ নয়াহাটত বিগত এপ্তাহ ধৰি এজন লোকৰ চোতালত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা | ৰাষ্ট্ৰীয় পতাকাক এইদৰে অৱমাননা কৰাৰ ঘটনা পালে আৰক্ষী থানাৰ মজিয়া |
Body:V. O - যোৱা ২৬ জানুৱাৰী সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বিলাসীপাৰা মহকুমাতো উদযাপন কৰা হৈছিল ৭১ সংখ্যক গণৰাজ্য দিৱস | কিন্তু মহকুমাটোৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰানিৰঝাৰ ১ম খণ্ড গাঁৱৰ জাহানুৰ ইছলাম নামৰ লোক জনৰ ঘৰত গণৰাজ্য দিৱসৰ দিনা উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকা খন ২ ফেব্ৰুৱাৰী দেওবাৰে বিয়লি লৈ উৰি থাকিল | পিছত এই বিষয়ে জানিব পাৰি নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটা উপস্থিত হৈ সন্মান সহকাৰে পতাকা খন নমাই আনে | প্ৰকৃততে ৰাষ্ট্ৰীয় পতাকা খনৰ উত্তোলনৰ সাম্যক জ্ঞান নথকাৰ বাবে আজিও লোক জনে এইদৰে পতাকা খন উত্তোলন কৰি ৰাখিছে বুলি একাংশই মন্তব্য কৰিছে | ইফালে ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ অপৰাধত আৰক্ষী চকীটোত জাহানুৰ ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি বিষয়া জনে জনায় |
Conclusion:Byte ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, নয়াহাট |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.