ধুবুৰী,8 জুন: ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰে বাংলাদেশলৈ পশুধনৰ চোৰাং সৰবৰাহ অব্যাহত আছে । ধুবুৰীৰ দক্ষিণ শালমাৰাৰ উন্মুক্ত সীমান্তৰে দীর্ঘদিনে চলি আহিছে পশুধনৰ চোৰাং সৰবৰাহ । ইয়াকে লৈ সীমান্তত গঢ়ি উঠিছে এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় চোৰাং ছিণ্ডিকেট (international illegal syndicate) ।
ইফালে পশুধনৰ চোৰাং সৰবৰাহ (illegal cattle trafficking) ৰ সমানে সমানে বাংলাদেশৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা হৈছে বাংলাদেশত প্ৰস্তুত কৰা ভাৰতীয় জালনোট (fake currency) । তেনে সময়তে সোমবাৰে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষী আৰু বিএছএফৰ যুটীয়া অভিযান চলিছিল ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ বিন্নাছাৰা অঞ্চলত ।
অভিযানত দুজন যুৱকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুই লাখ টকাৰ ভাৰতীয় জালনোট । ধৃত মুছলেম আলী ওৰফে মুছলেম উদ্দিন আৰু হুছেইন আলীয়ে উল্লেখ কৰা মতে ধৰ্মশালা অঞ্চলৰ গুদাৰু নামৰ এজন লোকে টকাৰ বিনিময়ত জালনোটখিনি গংগাধৰ নৈ পাৰ কৰিবলৈ দিছিল ।
উল্লেখ্য যে, ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত ভাৰতীয় জালনোট সৰবৰাহৰ বৃহৎ চক্ৰৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । এই সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি জনাইছে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজিৰাণী শৰ্মাই । অধিক তথ্য উদ্ধাৰৰ বাবে দুই যুৱকৰ জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে । আৰক্ষীয়ে পৰৱৰ্তী সময়ত এই চক্ৰক নিয়ন্ত্ৰণত কেনেধৰণে সফলতা লাভ কৰে সেয়া লক্ষণীয় হ’ব ।
লগতে পঢ়ক : অৰুণাচলত দুষ্প্ৰাপ্য ককলাছ ফিজেন্ট পক্ষীৰ সন্ধান লাভ