ETV Bharat / state

ধুবুৰীৰ ঐতিহাসিক পূজামণ্ডপত দেৱীক আদৰাৰ প্ৰস্তুতি

author img

By

Published : Oct 4, 2019, 11:36 PM IST

এইবেলি 69 বছৰত ভৰি দিলে ধুবুৰী সবুজ সংঘৰ পূজা মণ্ডপে ৷ দক্ষিণ ভাৰতৰ তামিলনাডুৰ মিনাক্ষী টেম্পেলৰ আৰ্হিত নিৰ্মান কৰা হৈছে সবুজ সংঘৰ পূজামণ্ডপটো ৷ ধুবুৰীৰ আন এক প্ৰসিদ্ধ পূজা মণ্ডপ হ’ল ৯৩ বছৰত ভৰি দিয়া ধুবুৰীৰ কালিবাৰী মন্দিৰ পূজামণ্ডপ ৷ ষষ্ঠীৰ সন্ধিয়া ধৰ্মীয় পৰম্পৰা অনুসৰি কালিবাৰী মন্দিৰৰ মণ্ডপত প্ৰতিষ্ঠা কৰা হয় দেৱী দূৰ্গাক ৷

ধুবুৰীৰ ঐতিহাসিক পূজামণ্ডপত দেৱীক আদৰাৰ প্ৰস্তুতি

ধুবুৰী, 4 অক্টোবৰঃ আজি পৱিত্ৰ মহাষষ্ঠী ৷ ঢাক-ঢোলৰ শব্দত মুখৰিত হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন পূজাস্থলী ৷ এইবেলি 69 বছৰত ভৰি দিলে ধুবুৰী সবুজ সংঘৰ পূজা মণ্ডপে ৷ ধুবুৰীৰ প্ৰমথেছ বৰুৱা খেল পথাৰত প্ৰতিবছৰেই সবুজ সংঘই উদযাপন কৰি আহিছে দূৰ্গাপূজা ৷ দক্ষিণ ভাৰতৰ তামিলনাডুৰ মিনাক্ষী টেম্পেলৰ আৰ্হিত নিৰ্মান কৰা হৈছে সবুজ সংঘৰ পূজামণ্ডপটো ৷ ধুবুৰীৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই পূজামণ্ডপটো দৰ্শনাৰ্থীৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ এই পূজা মণ্ডপটোত মূল দুৰ্গা প্ৰতিমাৰ উপৰিও প্ৰদৰ্শনীমূলক হিচাপে ৰখা হ’ব প্ৰদীপ কুমাৰ ঘোষ নামৰ এগৰাকী শিল্পীৰ নিপুণ হাতৰ পৰশত গঢ় লৈ উঠা চাবোনৰে নিৰ্মিত অতিকৈ ক্ষুদ্ৰতম প্ৰতিমা ৷ লগতে আন একাংশ যুৱকৰ তৎপৰতাত বিভিন্ন থলুৱা বাঁহ শিল্পৰ বিভিন্ন সামগ্ৰীও প্ৰদৰ্শনীমূলক ভাৱে ৰখা হ'ব এইখন পূজা মণ্ডপখনত ৷

ধুবুৰী সবুজ সংঘৰ পূজা মণ্ডপ

ধুবুৰীৰ আন এখন অন্যতম পুৰণি পূজামণ্ডপ হ’ল ধুবুৰীৰ কালিবাৰী মন্দিৰৰ পূজা ৷ ৯৩ বছৰত ভৰি দিয়া ধুবুৰীৰ কালিবাৰী মন্দিৰত ষষ্ঠীৰ সন্ধিয়া ধৰ্মীয় পৰম্পৰা অনুসৰি মণ্ডপত প্ৰতিষ্ঠা কৰা হয় দেৱীৰ প্ৰতিমা ৷ ১৯২৮ চনতে ধুবুৰী চহৰত স্থাপন কৰা হৈছিল এই মন্দিৰটো ৷ শুকুৰবাৰে মহা ষষ্ঠীৰ সন্ধিয়া বেল বৰণেৰে দেৱী দূৰ্গাক মণ্ডপত প্ৰতিষ্ঠা কৰা হয় । এই উপলক্ষে মন্দিৰ প্ৰাঙ্গনত শ শ ভক্তৰ সমাগম হয় ৷

ধুবুৰীৰ কালিবাৰী মন্দিৰ পূজামণ্ডপ

উল্লেখ্য যে, শুকুৰবাৰৰ দিনটোতে পূজা উপলক্ষে ধুবুৰীৰ প্ৰায় তিনিশ গৰাকী অসহায় দৰিদ্ৰ মহিলাৰ মাজত কালিবাৰী ট্ৰাষ্টি বোৰ্ডৰ ফালৰ পৰা বস্ত্ৰ বিতৰণ কৰা হয় ৷

Intro:ধুবুৰীত মিনাক্ষী টেম্পেল। পাঁচ লাখ টকাৰ বাজেটেৰে দক্ষিণ ভাৰতৰ তামিলনাডুৰ মিনাক্ষী টেম্পেলৰ আৰ্হিত নির্মাণ কৰা হৈছে ধুবুৰীৰ এখন পূজা মণ্ডপ।

Body:

৬৯ বছৰত ভৰি দিয়া ধুবুৰীৰ সবুজ সংঘ পূজা মণ্ডপ এইখন। ধুবুৰীৰ প্ৰমথেছ বৰুৱা খেল পথাৰত প্ৰতিবছৰে সবুজ সংঘই উদযাপন কৰি আহিছে দূৰ্গাপূজা। প্ৰতিবাৰেই আকৰ্ষণীয় ৰূপত দূৰ্গাপূজা মণ্ডপ নির্মাণ কৰি চমক সৃষ্টি কৰি অহা সবুজ সংঘ পূজা মণ্ডপৰ ফালৰ পৰা এইবেলি দক্ষিণ ভাৰতৰ তামিলনাডুৰ মিনাক্ষী টেম্পেলৰ আৰ্হিত পূজা মণ্ডপ নির্মাণ কৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ধুবুৰীত। পাঁচ লাখ টকা বাজেট লৈ এইবেলি দুৰ্গাপূজাৰ আয়োজন কৰিছে সবুজ সংঘই। এই পূজা মণ্ডপত মূল দুৰ্গা প্ৰতিমাৰ উপৰিও প্ৰদৰ্শনীমূলক হিচাপে ৰখা হব প্ৰদীপ কুমাৰ ঘোষ নামৰ এগৰাকী শিল্পীৰ নিপুণ হাতত গঢ় লৈ উঠা চাবনৰ অতিকৈ ক্ষুদ্ৰতম প্ৰতিমা আৰু আন একাংশ সচেতন যুৱকৰ তৎপৰতাত বিভিন্ন থলুৱা বাঁহ শিল্পৰ বিভিন্ন সামগ্ৰী প্ৰদৰ্শনী হিচাপে ৰখা হব এইখন পূজা মণ্ডপত।

Byte:- ৰজনী কান্ত ডেকা, উপ সভাপতি, পূজা কমিটি।

Conclusion:উল্লেখযোগ্য যে, ধুবুৰীৰ মুঠ ১০৪ টা পূজা এলেকাৰ পৰা প্ৰতিদিনে নিশা প্ৰায় দহ পোন্ধৰ হেজাৰ লোকৰ সমাগম হয় এইখন পূজা মণ্ডপৰ খেল পথাৰত। এইবেলিও ব্যতিক্ৰম নহব বুলি আশা প্ৰকাশ কৰিছে সবুজ সংঘ পূজা কমিটিয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.