ETV Bharat / state

ধুবুৰীক অপৰাধমুক্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ - ড্ৰাগছ সৰবৰাহকাৰী

ছিণ্ডিকেট, অপৰাধী চক্ৰক চৰম সকীয়নি নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ ৷ ধুবুৰীক অপৰাধমুক্ত কৰিবলৈ সংকল্প ধুবুৰীৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষকৰ ৷

ধুবুৰীক অপৰাধমুক্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱৰ

author img

By

Published : May 22, 2021, 12:42 PM IST

ধুবুৰী,22 মে’: ছিণ্ডিকেট আৰু অপৰাধীৰ বিৰুদ্ধে হুংকাৰ নৱ নিযুক্ত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ । যিকোনো চোৰাং ছিণ্ডিকেট, ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ছিণ্ডিকেটৰ সৈতে জড়িত থকা আৰক্ষীকো সকীয়নি প্ৰদান কৰিলে নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ।

ধুবুৰীক অপৰাধমুক্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱৰ
ধুবুৰীক অপৰাধমুক্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱৰ

উল্লেখ্য যে, বিভিন্ন চোৰাং ছিণ্ডিকেট আৰু ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে ভাৰত বাংলা সীমান্তৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চল । তেনে সময়তে নগাঁৱৰ পৰা বদলি হৈ ধুবুৰীত নিযুক্তি লাভ কৰিয়েই আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে শুকুৰবাৰে অপৰাধী আৰু চোৰাং ছিণ্ডিকেট চক্ৰক চৰম সকীয়নি প্ৰদান কৰে সংবাদ মাধ্যমৰ আগত ।

শুকুৰবাৰে ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষীয়ে অভিযান চলাই ঝগৰাৰপাৰ অঞ্চলৰ এখন গেলামাল দোকানৰ পৰা জব্দ কৰে নিচাজাতীয় টেবলেট, ব্ৰাউন চুগাৰৰ লগতে নগদ ধন । ইয়াৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাশিদ হুছেইন প্ৰধানী আৰু ৰুবুল আমিন প্ৰধানী নামৰ দুই ভাতৃক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

এই ক্ষেত্ৰত ধুবুৰী জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে কয় যে, ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব আৰু জিলাৰ প্ৰতিখন আৰক্ষী থানাৰ আৰক্ষীয়ে মিলি এটা দল হিচাপে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব ।

আনহাতে, ধুবুৰীত চলি থকা গৰু আৰু ব্ৰইলাৰ ছিণ্ডিকেটকে ধৰি যিকোনো ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হ’ব বুলি ঘোষণা কৰাৰ লগতে চোৰাং ছিণ্ডিকেট আৰু অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে নৱ নিযুক্ত ধুবুৰী জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে । তাৰোপৰি ছিণ্ডিকেটৰ সৈতে আৰক্ষী জড়িত থাকিলেও ব্যৱস্থা লোৱা হ’ব বুলি একপ্ৰকাৰ চৰম সকীয়নি প্ৰদান কৰে নৱ নিযুক্ত জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে ।

লগতে পঢ়ক: কিশোৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত কোন এইগৰাকী আইপিএছ গৌৰৱ উপাধ্যায় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.