ETV Bharat / state

সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ সৰৱ ধুবুৰী জিলা বার্তাজীৱী সংঘ

author img

By

Published : Sep 14, 2020, 9:18 PM IST

দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবীৰে ইতিমধ্যেই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰিছে বার্তাজীৱী সংঘই ৷

Dhuburi journalist association gave memorandum to DC
সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ সৰৱ ধুবুৰী জিলা বার্তাজীৱী সংঘ

ধুবুৰী, 14 ছেপ্তেম্বৰ: ধুবুৰীত এগৰাকী সাংবাদিকক আক্ৰমণৰ ঘটনাক লৈ সৰৱ ধুবুৰী জিলা বার্তাজীৱী সংঘ ৷ দেওবাৰে নিশা এগৰাকী অসম আৰক্ষীৰ বেটেলিয়নৰ জোৱানে সাংবাদিক অৰুণ কুমাৰ পালক আক্ৰমণ কৰাৰ পাছতে সোমবাৰে আক্ৰমণকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ধুবুৰী জিলা বার্তাজীৱী সংঘ ৷ দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবীৰে ইতিমধ্যেই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰিছে বার্তাজীৱী সংঘই ৷

উল্লেখ্য যে,দেওবাৰে নিশা ধুবুৰীৰ গৌৰীপুৰত দৈনিক অসমৰ সাংবাদিক তথা ধুবুৰী জিলা বার্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক অৰুণ কুমাৰ পালক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায় গোৱালপাৰাত কৰ্মৰত আৰক্ষী বেটেলিয়নৰ জোৱান সুব্ৰত সৰকাৰে ৷

Subrat Sarkar
আক্ৰমণকাৰী সুব্ৰত সৰকাৰ

আক্ৰমণৰ পাছতে উক্ত স্থানৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী জোৱানজনে ৷ ঘটনা সংক্ৰান্তত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত সাংবাদিক অৰুণ কুমাৰ পালে গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে বৰ্তমানেও আটক কৰিবলৈ সক্ষম হোৱা নাই আক্ৰমণকাৰী জোৱান জনক ৷ আক্ৰমণকাৰী গৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ধুবুৰী জিলা বার্তাজীৱী সংঘই ৷

লগতে পঢ়কঃ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.