ETV Bharat / state

ধুবুৰী প্ৰধান মন্ত্ৰী আৱাস যোজনা কেলেংকাৰী

ধুবুৰীত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আঁচনি ভিত্তিত চৰকাৰী ভাবে গৃহ আবন্টন দিলেও প্ৰকৃতাৰ্থত গৃহ নাপালে হিতাধিকাৰীয়ে

author img

By

Published : Sep 11, 2019, 12:05 AM IST

ধুবুৰী প্ৰধান মন্ত্ৰী আৱাস যোজনা কেলেংকাৰী

ধুবুৰী, 10 ছেপ্তেম্বৰ : ধুবুৰীত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত চলিছে চৰম অৰাজকতা । চৰকাৰী ভাৱে গৃহ আবন্টন দিলেও প্ৰকৃতাৰ্থত গৃহ নাপালে হিতাধিকাৰীয়ে । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা এখন পত্ৰই বৰ্তমান আতংকৰ সৃষ্টি কৰিছে ধুবুৰী চহৰত । কাৰণ হিতাধিকাৰী সকলে গৃহৰ পৰিৱৰ্তে লাভ কৰিছে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ 'হাউজিং ফৰ অল'ৰ যুটীয়া সচিব আৰু মিচন ডাইৰেক্টৰ অমৃত অভিজাতে স্বাক্ষৰ কৰা প্ৰশংসা আৰু পুৰস্কাৰৰ বিশেষ আমন্ত্ৰণ পত্ৰ ৷

Intro: ধুবুৰীত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত চলিছে চৰম অৰাজকতা। চৰকাৰী ভাবে গৃহ আবন্টন দিলেও প্ৰকৃতাৰ্থত গৃহ নাপালে হিতাধিকাৰীয়ে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা এখন পত্ৰই বৰ্তমান আতংকৰ সৃষ্টি কৰিছে ধুবুৰী চহৰত।

Body:
প্ৰথমে মন কৰক ধুবুৰী চহৰৰ তেৰ নম্বৰ ৱাৰ্ডৰ আছিয়া বেওঁয়া নামৰ পি এম এ ৱাই অৰ্থাৎ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী এওঁ। ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰে আবন্টন দিছে এখন গৃহ। কিন্তু বিগত দুটা বছৰে ধুবুৰী পৌৰসভা কাৰ্য্যালয়ত ঘূৰি ঘুৰি হাবাথুৰি খোৱা বৃদ্ধ হিতাধিকাৰী গৰাকীয়ে চিন্তিত হৈ পৰিছে।

Byte:- (02) আছিয়া বেওয়া, হিতাধিকাৰী।

ইপিনে এই লৈ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই গা লৰিল জিলা প্ৰশাসনৰ। জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে হিতাধিকাৰীৰ বেংকৰ একাউন্টত থকা কিছু খেলিমেলিৰ সমস্যা সমাধান কৰিলে বেংক কৰ্তৃপক্ষই।

Byte:- ( 03 ) বেংক মেনেজাৰ

এইবাৰ চাওঁক এই গৰাকী হিতাধিকাৰীক। নাম সীমা মণ্ডল। প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ 'হাউজিং ফৰ অল'ৰ যুটীয়া সচিব আৰু মিচন ডাইৰেক্টৰ অমৃত অভিজাতে স্বাক্ষৰ কৰা এইখন প্ৰশংসা আৰু পুৰস্কাৰৰ বিশেষ আমন্ত্ৰণ পত্ৰ লাভ কৰা কেইবাগৰাকী হিতাধিকাৰীৰ বাতৰি আমি ইটিভি ভাৰতত সম্প্ৰচাৰ হৈছে। এনে আন এক ঘটনা পোহৰলৈ আহিছে ধুবুৰী চহৰৰ ছয় নম্বৰ ৱাৰ্ডত। ছয় নম্বৰ ৱাৰ্ডৰ হিতাধিকাৰী সীমা মণ্ডলে কেইদিনমান পূৰ্বে ডাক যোগে লাভ কৰিছে অনুৰূপ পত্ৰ। এই পত্ৰ লাভ কৰাৰ পিছতেই চিন্তিত হৈ পৰিছে এওঁ। কাৰণ গৃহ লাভ কৰিব বুলি ধুবুৰী পৌৰসভাৰ ফালৰ পৰা নিশ্চিত হোৱাৰ পিছত নিজৰ ঘৰ ভাঙি ভেটি সম্পূৰ্ণৰূপে খালি কৰি বিগত দুটা বছৰে ভাড়া ঘৰত আছে সীমা মণ্ডলৰ পৰিয়াল। যদিওঁ শেহতীয়াকৈ ঘৰ পোৱাৰ পৰিৱৰ্তে এইখন পুৰস্কাৰৰ আমন্ত্ৰনি পত্ৰহে লাভ কৰিলে সীমা মণ্ডলে। মাহেকত তিনি হাজাৰ টকাকৈ দি ভাড়া ঘৰত থকা সীমা মণ্ডল এতিয়া ঘৰ নোপোৱাত চিন্তিত হৈ পৰিছে।

Byte:- (05) সীমা মণ্ডল।

Conclusion:
এতিয়া প্ৰশ্ন হয়, প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনি ৰূপায়ণৰ নামত কি চলিছে ধুবুৰীত। ৰাইজে সন্দেহ কৰাৰ দৰে ধুবুৰী পৌৰসভা আৰু নগৰ আৰু গাঁও পৰিকল্পনা বিভাগে কাগজ কলমত গৃহ নিৰ্মাণ সম্পন্ন হোৱা দেখুৱাইছে নেকি কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক। এই লৈ অব্যাহত থাকিব ইটিভি ভাৰতৰ অনুসন্ধান।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.