ETV Bharat / state

ধুবুৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ চেনিটাইজেশ্যন

author img

By

Published : Apr 24, 2020, 8:47 PM IST

ক‘ৰণা ভাইৰাছক প্ৰতিৰোধ কৰিবৰ বাবে ধুবুৰী আদালত চৌহদত চেনিটাইজ কৰিলে স্বয়ং জিলা আৰু সত্ৰ ন্যায়াধীশে।

dhuburi-corut-sanitized-district-legal-services-authority
ধুবুৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ চেনিটাইজেশ্যন

ধুবুৰী 24 এপ্ৰিলঃ ক‘ৰণা ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে ধুবুৰী আদালত চৌহদত চেনিটাইজ কৰিলে স্বয়ং জিলা আৰু সত্ৰ ন্যায়াধীশে। ক‘ৰণা ভাইৰাছে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশ তথা ৰাজ্য খনৰ লগতে সমান্তৰাল ভাৱে ধুবুৰী জিলাখনত কৰণাত আক্ৰান্ত হৈছে পাঁচ জনকৈ লোক। ইয়াৰ প্ৰতি লক্ষ্য কৰি আজি ধুবুৰী জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত চেনিটাইজ কৰা হয় ধুবুৰী আদালত চৌহদত।

জিলা আইন সেৱা প্ৰাধিকাৰীৰ সভাপতি তথা জিলা আৰু সত্ৰ ন্যায়াধীশ থানেশ্বৰ কলিতা আৰু সচিব শ্বাহ চৈয়দ আহাদুৰ ৰহমানে উপস্থিত থাকি ধুবুৰী আদালত চৌহদ আৰু ন্যায়াধীশৰ বাহনৰ লগতে ধুবুৰী উকীল সন্থাৰ কাৰ্যালয় আৰু আদালতৰ সন্মুখত থকা জিলা সৈনিক কল্যাণ কাৰ্যালয়ত চেনিটাইজ কৰা পৰিলক্ষিত হয় ।

জিলা আইন সেৱা প্ৰাধিকাৰীৰ ফালৰ পৰা জনোৱা অনুসৰি শুকুৰবাৰৰ পৰা দৈনিক নিয়মিত ভাৱে ধুবুৰী আদালত চৌহদকে ধৰি চাৰিওফালে চেনিটাইজ কৰা হ'ব । ইয়াৰ লগতে সকলো ৰাইজক লক ডাউন আৰু সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনায় জিলা আইন সেৱা প্ৰাধিকাৰীয়ে। ইপিনে জিলা আৰু সত্ৰ ন্যায়াধীশ থানেশ্বৰ কলিতাই ব্যক্তিগত ভাৱে আজি প্ৰধানমন্ত্ৰী আৰোগ্য নিধিলৈ দহ হেজাৰ টকা আগবঢ়াইছে বুলি জনায় জিলা আইন সেৱা প্ৰাধিকাৰীয়ে।

লগতেপঢকঃ নগাঁৱত লক ডাউনত দিশহাৰা কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.