ETV Bharat / state

ধুবুৰীত শ্ৰমিক ইউনিয়নৰ উত্তাল প্ৰতিবাদ - dhubri workers union

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যত সাধাৰণ নির্মাণ শ্ৰমিকক সন্দেহজনক নাগৰিকৰ নামত আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ শতাধিক শ্ৰমিকৰ ।

etv bharat
author img

By

Published : Jun 13, 2019, 7:57 AM IST

ধুবুৰী, 12 জুন : ধুবুৰীত নির্মাণ শ্ৰমিক ইউনিয়নৰ উত্তাল প্ৰতিবাদ । সদৌ নিৰ্মাণ শ্ৰমিক ইউনিয়ন ধুবুৰী জিলা সমিতি আৰু ধুবুৰী জিলা আনঅৰ্গানাইজড ওৱাৰকাৰ্ছ ইউনিয়নৰ উদ্যোগত হাতে হাতে বেনাৰ প্লে'কাৰ্ড লৈ অসম আৰক্ষী হায় হায়, অসম চৰকাৰ হায় হায় আদি প্ৰতিবাদী শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক শ্ৰমিকে ৷ দুপৰীয়াৰ ভাগত শংকৰ দেৱ শিশু উদ্যানৰ পৰা বিশাল সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ৰাজপথ বন্ধ কৰি প্ৰায় এঘণ্টা সময় বিক্ষোভ প্ৰদৰ্শন কৰে শ্ৰমিকসকলে । গৃহ বিভাগৰ নিৰ্দেশ মতেই গুৱাহাটী মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে নিশাৰ ভাগত একাংশ শ্ৰমিকক শোৱাপাটিৰ পৰা উঠাই নি থানাত আৱদ্ধ কৰাই ৰাখি সন্দেহজনক নাগৰিক হিচাপে দহ আঙুলিৰ চাপ লৈ ব্যপক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছে অভিযোগ তুলি শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ । আনহাতে সীমান্ত আৰক্ষীয়ে নিজৰ কোটা পূৰণ কৰিবৰ বাবে যধে মধে স্বদেশী শ্ৰমিকক বিদেশীৰ নামত হাৰাশাস্তি কৰি আহিছে বুলিও তোলে প্ৰতিবাদীসকলে । যাৰ বাবে এই পৰিবাদী কাৰ্যৰ যোগেদি অসম চৰকাৰক এই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবে দাবী জনায় প্ৰতিবাদকাৰীসকলে । লগতে প্ৰতিবাদীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে বিদেশীৰ নামত স্বদেশী শ্ৰমিকক হাৰাশাস্তি বন্ধ কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

ধুবুৰীত শ্ৰমিক ইউনিয়নৰ উত্তাল প্ৰতিবাদ

dhubri workers union protest

ধুবুৰীত শ্ৰমিক ইউনিয়নৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যত সাধাৰণ নির্মাণ শ্ৰমিকক সন্দেহজনক নাগৰিকৰ নামত আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ শতাধিক শ্ৰমিকৰ ।

ধুবুৰী, 12 জুন :

ধুবুৰীত নির্মাণ শ্ৰমিক ইউনিয়নৰ উত্তাল প্ৰতিবাদ । সদৌ নিৰ্মাণ শ্ৰমিক ইউনিয়ন ধুবুৰী জিলা সমিতি আৰু ধুবুৰী জিলা আনঅৰ্গানাইজড ওৱাৰকাৰ্ছ ইউনিয়নৰ উদ্যোগত হাতে হাতে বেনাৰ প্লে'কাৰ্ড লৈ অসম আৰক্ষী হায় হায়, অসম চৰকাৰ হায় হায় আদি প্ৰতিবাদী শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক শ্ৰমিকে ৷ দুপৰীয়াৰ ভাগত শংকৰ দেৱ শিশু উদ্যানৰ পৰা বিশাল সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ৰাজপথ বন্ধ কৰি প্ৰায় এঘণ্টা সময় বিক্ষোভ প্ৰদৰ্শন কৰে শ্ৰমিকসকলে ।  গৃহ বিভাগৰ নিৰ্দেশ মতেই গুৱাহাটী মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে নিশাৰ ভাগত একাংশ শ্ৰমিকক শোৱাপাটিৰ পৰা উঠাই নি থানাত আৱদ্ধ কৰাই ৰাখি সন্দেহজনক নাগৰিক হিচাপে দহ আঙুলিৰ চাপ লৈ ব্যপক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছে অভিযোগ তুলি শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ । আনহাতে সীমান্ত আৰক্ষীয়ে নিজৰ কোটা পূৰণ কৰিবৰ বাবে যধে মধে স্বদেশী শ্ৰমিকক বিদেশীৰ নামত হাৰাশাস্তি কৰি আহিছে বুলিও তোলে প্ৰতিবাদীসকলে । যাৰ বাবে এই পৰিবাদী কাৰ্যৰ যোগেদি অসম চৰকাৰক এই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবে দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

 লগতে প্ৰতিবাদীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে বিদেশীৰ নামত স্বদেশী শ্ৰমিকক হাৰাশাস্তি বন্ধ কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.