ধুবুৰী, 14 জুন : ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ধুবুৰীৰ ৰাজীৱ ভৱনতো সোমবাৰে জিলা কংগ্ৰেছে প্ৰতিবাদী(Dhubri district Congress protest) কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ প্ৰৱৰ্তক সঞ্চালকালয়ৰ(Enforcement Directorate) ফালৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ চমন জাৰি কৰাৰ পিচতেই জাঙুৰ খাই উঠিছে কংগ্ৰেছ । ৰাহুল গান্ধীৰ নিজা NGOৰ প্ৰসংগক লৈ বিজেপি চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰে তেওঁৰ বিৰুদ্ধে উঠি পৰি লগিছে বুলি ধুবুৰী জিলা কংগ্ৰেছে অভিযোগ তোলে ।
উল্লেখ্য যে, ED য়ে Money launderingৰ গোচৰত তলব কৰাৰ পাচতে সোমবাৰে এক সমদল কৰি দিল্লীৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী (ED summons Rahul Gandhi) ৷ এই প্ৰতিবাদী সমদলত অংশ লোৱা বহু কেইজন কংগ্ৰেছ নেতাক আটক কৰে দিল্লী আৰক্ষীয়ে ৷ আটক কৰা কংগ্ৰেছ নেতাসকলৰ ভিতৰত আছে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, ৰণদীপ সূৰ্যেৱালা, কে চি বেনুগোপাল আৰু অধীৰ ৰঞ্জন চৌধুৰী ৷
সোমবাৰে দিনৰ প্ৰায় 11 বজাত দিল্লীৰ আকবৰ ৰোডত থকা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা ইডিৰ কাৰ্যালয়লৈ পদব্ৰজে যাত্ৰা কৰে ৰাহুল গান্ধীয়ে (Congress marches behind Rahul) ৷ এই যাত্ৰাত ৰাহুলক সংগ দিয়ে প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আদিয়ে ৷ ৰাহুল গান্ধীয়ে কোনো গোচৰ সন্দৰ্ভত সোধা-পোচাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সন্মুখত ঠিয় দিয়াৰ ঘটনাই এতিয়া কংগ্ৰেছৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে (Rahul appears before ED) ৷
লগতে পঢ়ক : Rahul appears before ED: দেশজুৰি কংগ্ৰেছ নেতা-কৰ্মীক আটক