ETV Bharat / state

ধুবুৰীৰ ৪৯২ গৰাকী মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান - ৪৯২

ধুবুৰী জিলাতো উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৪৯২ গৰাকী ছাত্ৰীৰ মাজত আনুষ্ঠানিকভাৱে স্কুটী প্ৰদান কৰা হয় । ধুবুৰীৰ ভোলানাথ মহ‍াবিদ্যালয়ত অনুষ্ঠিত হোৱা স্কুটী বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ফণীভূষণ চৌধুৰী ।

ধুবুৰীৰ ৪৯২ গৰাকী মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান

author img

By

Published : Jan 2, 2021, 9:04 PM IST

ধুবুৰী , ২ জানুৱাৰী: উচ্চতৰ মাধ্য়মিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক বিশেষ বঁটা হিচাপে একোখনকৈ স্কুটী প্ৰদানৰ সিদ্ধান্ত লৈছিল ৰাজ্য় চৰকাৰে । সেই সিদ্ধান্ত অনুসৰি ইতিমধ্য়ে কামৰূপ মহানগৰ আৰু গ্ৰাম্য় জিলাৰ ছাত্ৰীসকলক কিছুদিন পূৰ্বে প্ৰদান কৰা হৈছিল ড০ বাণীকান্ত কাকতি বঁটা আৰু স্কুটী । শনিবাৰে ৰাজ্য়ৰ ভিন্ন জিলাত ছাত্ৰীসকলক প্ৰদান কৰা হয় এই বঁটা ।

ধুবুৰীৰ ৪৯২ গৰাকী মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান
ধুবুৰীৰ ৪৯২ গৰাকী মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান

ধুবুৰী জিলাতো উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৪৯২ গৰাকী ছাত্ৰীৰ মাজত আনুষ্ঠানিকভাৱে স্কুটী প্ৰদান কৰা হয় । ধুবুৰীৰ ভোলানাথ মহ‍াবিদ্যালয়ত অনুষ্ঠিত হোৱা স্কুটী বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ফণীভূষণ চৌধুৰী । মন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে পাঁচ গৰাকীলৈ স্কুটী প্ৰদান কৰি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ধ্ৰুৱ চক্ৰৱৰ্তী, জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে বঁটা প্ৰদান অনুষ্ঠানত ।

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । ইফালে অনাগত দিনত ধুবুৰী জিলাখনৰ পৰা কমেও এহেজাৰ গৰাকী ছাত্ৰীয়ে ভাল ফলাফল কৰি এই বঁটা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক : তেজপুৰত HS ত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৬০০ ছাত্ৰীক স্কুটি প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.