ETV Bharat / state

পুনৰ প্ৰাণ পাই উঠিল ধুবুৰীৰ ৰূপসী বিমানবন্দৰ - পুনৰ প্ৰাণ পাই উঠিল ধুবুৰীৰ ৰূপসী বিমানবন্দৰ

দেশ তথা ৰাজ্যখনত কৰ’ণাই ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল নামনি অসমবাসী । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ হোৱা এছিয়াৰ সৰ্ববৃহৎ ৰাণৱে থকা ঐতিহাসিক ৰূপসী বিমানবন্দৰে পুনৰ প্ৰাণ পাই উঠিছে । শনিবাৰৰ পৰা বিমান চলাচল আৰম্ভ হ’ল ৰূপসী বিমানবন্দৰৰ পৰা ।

পুনৰ প্ৰাণ পাই উঠিল ধুবুৰীৰ ৰূপসী বিমানবন্দৰ

author img

By

Published : May 9, 2021, 8:06 AM IST

ধুবুৰী,9 মে’: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা ধুবুৰীৰ ঐতিহাসিক ৰূপসী বিমানবন্দৰ শনিবাৰে প্ৰাণ পাই উঠিছে । আশীৰ দশকত বন্ধ হৈ পৰা ৰূপসী বিমানবন্দৰ সুদীৰ্ঘ চাৰিটা দশকে বন-জংঘলে আৱৰি ৰাখিছিল । প্ৰতিটো মুহুৰ্তত মৃত্যুৰ ক্ষণ গণিছিল ৰূপসী বিমানবন্দৰে । যদিও বিগত প্ৰায় তিনিটা বছৰে ৰূপসী বিমানবন্দৰ পুনৰ নিৰ্মাণ কৰিলে এয়াৰপ’ৰ্ট অথৰিটি অৱ ইণ্ডিয়াই । যোৱা বৰ্ষত বিমানবন্দৰৰ নির্মাণ কার্য সম্পন্ন হৈছে যদিও বিমান চলাচল আৰম্ভ হোৱা নাছিল ।

অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত শনিবাৰৰ পৰা FLYBIG কোম্পানীৰ বিমান সেৱা আৰম্ভ হয় । শনিবাৰে দিনৰ প্ৰায় 12 বজাত 25 জন যাত্ৰী কঢ়িয়াই নিয়া FLYBIG Airline ৰ ATR-72 বিমানখন অৱতাৰণ কৰে ৰূপসী বিমানবন্দৰত । তাৰ পিছতেই যাত্ৰীবাহী বিমানখনে আধাঘণ্টা বিৰতিৰ পিছত পুনৰ কলিকতালৈ উৰা মাৰে । কিন্তু ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল নামনি অসমৰ লগতে পশ্চিমবংগ । ইপিনে প্ৰথমখন বিমানৰ যাত্ৰী হিচাপে গুৱাহাটীৰ পৰা ৰূপসীলৈ অহা বিধায়ক নিজানুৰ ৰহমানে সন্তুষ্টি প্ৰকাশ কৰি এইক্ষেত্ৰত সাংসদ বদৰুদ্দিন আজমলক কৃতিত্ব প্ৰদান কৰে ।

পুনৰ প্ৰাণ পাই উঠিল ধুবুৰীৰ ৰূপসী বিমানবন্দৰ

ইপিনে বিমানবন্দৰটোত পুনৰ বিমানৰ চলাচল আৰম্ভ হোৱাত নামনি অসমৰ কেইবাখনো জিলাৰ যাতায়তৰ সুবিধা হোৱাৰ বিপৰীতে বাণিজ্যিক ক্ষেত্ৰতো এক নতুন দিগন্তৰ সূচনা কৰিলে বুলি মন্তব্য কৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ ফুকনে ৷ আনহাতে, কোকৰাঝাৰৰ লগতে বিমানবন্দৰত এয়াৰপ’ৰ্ট অথৰিটি অৱ ইণ্ডিয়াৰ নিৰাপত্তা বাহিনীৰ উপৰিও অসম আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিব বুলি কৈ 70 গৰাকী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বুলি প্ৰকাশ কৰে ৷ নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথাও ষ্পষ্টকৈ প্ৰকাশ কৰে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে ।

ইপিনে বিটিআৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা ই এম তথা কাৰ্যবাহী সদস্য ঔৰৱ কুমাৰ দে-এ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ কয় যে, এতিয়া প্ৰথমাৱস্থাত FLYBIG কোম্পানীৰ বিমান সেৱা আৰম্ভ হৈছে যদিও পৰৱৰ্তী সময়ত আন বিভিন্ন কোম্পানীৰ বিমান সেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিব বুলি উল্লেখ কৰে ।

একেদৰে বিটিআৰৰ চাপাগুৰি সমষ্টিৰ বিধায়ক ইউ জি ব্ৰহ্মই বিমানবন্দৰত উপস্থিত হৈ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ আনন্দিত হৈ পৰে । লগতে ২০০২ চনৰ পৰা ২০০৮ চনলৈ ৰাজ্যসভাৰ সাংসদ হৈ থকাৰ সময়তে সংসদৰ মজিয়াত ৰূপসী বিমানবন্দৰ পুনৰ্জীৱিত কৰাৰ দাবী উত্থাপন কৰিছিল ৷ বিমানবন্দৰটো যাতায়াতৰ উপৰিও বাণিজ্যিক আৰু পৰ্যটকৰ ক্ষেত্ৰতো এক গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, সুদীৰ্ঘ চাৰিটা দশকৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ সাক্ষী হোৱা ৰূপসী বিমানবন্দৰ শনিবাৰে পুনৰ প্ৰাণ পাই উঠাৰ পিছত উৎফুল্লিত হৈ পৰে ধুবুৰী, কোকৰাঝাৰকে ধৰি কেইবাখনো জিলাৰ উপৰিও পশ্চিমবংগৰ ৰাইজ । লগতে বাংলাদেশ, ভূটান আৰু নেপাললৈ বাণিজ্যিক ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব ৰূপসী বিমানবন্দৰে ।

লগতে পঢ়ক: কৰ'ণা আতংকৰ মাজতেই ৰাজ্যত ঈদৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.