ধুবুৰী,11 জানুৱাৰী: বিজেপিৰ ভেটি থৰক বৰক হৈছে ৷ বিজেপিৰ 62 গৰাকী বিধায়কৰ ভিতৰত 50 গৰাকীৰে ৰিপোৰ্ট কাৰ্ড বেয়া ৷ চৰকাৰে নিজৰ বিফলতা ঢাকিবলৈ এতিয়া বিধায়কৰ ওপৰত দোষ জাপিছে ৷ সোমবাৰে ধুবুৰীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে এনেদৰে সৰৱ হৈ পৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ ইয়াৰ উপৰিও আগন্তুক বিধানসভা নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এশ প্লাছ লক্ষ্যৰ প্ৰসংগত বিজেপিৰ এশ প্লাছ অজন্তা নেওগক লৈ নেকি বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
বিজেপিয়ে তেতিয়াহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব যেতিয়া তেওঁলোকে প্ৰতিশ্ৰুতিসমূহৰ দৰেই ৰাইজক কাম কৰি দেখুৱাব পাৰিব ৷ প্ৰত্যেকটো বছৰত কেন্দ্ৰই 2 কোটি আৰু ৰাজ্যই 25 লাখকৈ চাকৰি দিয়াৰ কথা কৈছিল ৷ সেইমতে ৰাজ্যৰ পাঁচ বছৰত 1 কোটি আৰু কেন্দ্ৰৰ ছয় বছৰত 12 কোটিকৈ মুঠ 13 কোটি চাকৰি যদি তেওঁলোকে দিছে আৰু নিৰ্বাচনৰ সময়ত চাকৰি দিয়া মানুহৰ নাম সমূহ গাই দিব পাৰে, তেন্তে ৰাইজে বিজেপিক গ্ৰহণ কৰিব বুলি কয় কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৷
ইয়াৰ উপৰিও নৱগঠিত আঞ্চলিক দলৰ প্ৰসংগত ৰকিবুল হুছেইনে কয়, বিজেপিয়ে 'কা' বলৱৎ কৰি হিন্দু বঙালী লোকসকলক নাগৰিকত্ব প্ৰদান কৰিছে কিন্তু ইয়াৰ বিপৰীতে 6 নং দফা কাৰ্যকৰী কৰি কৈছে যে, তেওঁলোকক নাগৰিকত্ব প্ৰদান হ’ব ঠিকেই কিন্তু ভূমি পট্টা, ব্যৱসায়ৰ প্ৰ-পত্ৰ প্ৰদান নকৰে ৷ অৰ্থাৎ কেৱল ভোটৰ বাবেহে এই লোকসকলক বিজেপিয়ে ব্যৱহাৰ কৰিছে ৷ যাৰবাবে ৰাজ্যৰ বঙালী সংগঠনসমূহে একগোট হৈ নতুন ৰাজনৈতিক দল গঠন কৰিছে ৷ ইয়াৰ উপৰি থলুৱাৰ অস্তিত্ব ৰক্ষাৰ বাবে আছু, কৃষক মুক্তি আদিয়ে আঞ্চলিক দল গঠন কৰিবলৈ বাধ্য হৈছে ৷
আগন্তুক নিৰ্বাচনত জয়লাভৰ বাবে এইবেলি প্ৰাৰ্থী প্ৰক্ষেপ কৰোতে কংগ্ৰেছে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিব লাগিব বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে ৷ এই সংবাদমেলত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈৰ লগতে বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু ড৹ মতিউৰ ৰহমান মণ্ডলৰ লগতে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ ৷
লগতে পঢ়ক-আজি শিলচৰৰ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰিব জে পি নাড্ডাই