ধুবুৰী,28 মেঃ ধুবুৰীৰ কোৱাৰেন্টাইন চোন্টাৰত খাদ্য যোগানৰ নামত জালিয়াতি । কোৱাৰেণ্টাইন চেণ্টাৰখনত দিয়া হোৱা নাই শিশু খাদ্য । এই অভিযোগ চেন্টাৰটোত থকা লোকসকলৰ । ইয়াকে লৈ বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে চেন্টাৰটোত থকা লোকসকলে । উল্লেখ্য যে, ধুবুৰীৰ জাহাজ ঘাট কোৱাৰেণ্টাইন চেণ্টাৰত সংঘটিত হৈছে চৰম বিসংগতি । বিগত চাৰিদিন পূৰ্বে আগৰতলাৰ পৰা বিশেষ ৰে'লযোগে অহা লোকসকলক এই কোৱাৰেন্টাইন চেন্টাৰটোত ৰখা হয় যদিও চেন্টাৰটোত কোনো ধৰণৰ সামাজিক দূৰত্বৰ পালন কৰা হোৱা নাই । ইয়াৰ উপৰিও চেন্টাৰটোত পুৰুষ-মহিলা একেলগে থাকিবলগীয়া হোৱাত সৃষ্টি হৈছে সমস্যাৰ ।
আনহাতে, চেন্টাৰটোত নিয়মিত খাদ্যৰ যোগান নধৰা, সময়তকৈ বহু পলমকৈ খাদ্য যোগান ধৰাৰ উপৰিও শিশু খাদ্যৰ যোগান নধৰাৰ অভিযোগ লোকসকলৰ । লেতেৰা আবৰ্জনা, দুৰ্গন্ধৰ মাজেৰে দিন ৰাতি পাৰ কৰিবলগীয়া হোৱাত ক্ষোভিত হৈ পৰিছে এই সকল লোক। যাৰ ফলত কোৱাৰেণ্টাইন চেণ্টাৰতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় উত্তেজিত লোক সকলে ।
লগতে পঢ়ক-বানপানীক লৈ তৎপৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ