ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবীত তিনি সংগঠনৰ উত্তাল প্ৰতিবাদ - অখিল গগৈক মুক্তিৰ দাবীত তিনি সংগঠনৰ উত্তাল প্ৰতিবাদ

অখিল গগৈক মুক্তিৰ দাবীত সোমবাৰে ধুবুৰীত উত্তাল প্ৰতিবাদ। দক্ষিণ শালমাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতি,ঐক্য সেনা অসম আৰু আমছুৰ যৌথ প্ৰতিবাদ।

অখিল গগৈক মুক্তিৰ দাবীত তিনি সংগঠনৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jul 13, 2020, 8:42 PM IST

ধুবুৰী, 13 জুলাইঃ ৰাজ্যৰ প্ৰতিবাদী কণ্ঠ অখিল গগৈক মুক্তিৰ দাবীত সোমবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত কলেজ নগৰৰ মাথাউৰিৰ ওপৰত তিনিটা সংগঠনৰ কৰ্মীৰ লগতে ২ শতাধিক সাধাৰণৰ ৰাইজে হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদীসকলে অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত বিভিন্ন শ্ল'গানেৰে ৰাজপথ কঁপাই তোলে। দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষক মুক্তিৰ লগতে অসম ঐক্য সেনা অসম আৰু আমছুৰ লগতে স্থানীয় শতাধিক ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা যায়। অখিল গগৈৰ অসুস্থ মাতৃৰ প্ৰতি লক্ষ্য ৰাখি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে ।

আনহাতে ধৈৰ্যৰ সীমা চেৰাই গ'লে চৰকাৰে বিপদত পৰিব বুলিও সকীয়নি প্ৰদান কৰিছে প্ৰতিবাদী তিনি সংগঠনে।

লগতে চাওকঃ অখিল গগৈঃ আমৰণ অনশন দুই সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.