ETV Bharat / state

আনৰ সুখত সুখী এজন আৰক্ষী কনিষ্টবল

author img

By

Published : Oct 4, 2019, 8:58 PM IST

মানসিক বিকাৰগ্ৰস্ত লোকসকলক সহায় কৰি ৰঘুনাথে নিজকে সুখী বুলি জানিবলৈ দিয়ে ৷ লগতে কয় যে, সেই লোক সকলৰ দুখ মই অনুভৱ কৰোঁ ৷ সেয়েহে এইবাৰ পুজাত মোৰ বা পৰিয়ালৰ বাবে কাপোৰ নিকিনি দৰমহাৰ ১০ হেজাৰ টকা সেই লোকসকলক নতুন কাপোৰ আৰু এসাজ লঘু আহাৰ খুওৱাত খৰচ কৰাৰ সিদ্ধান্ত লৈছো ৷

আনৰ সুখত সুখী এজন আৰক্ষী কনিষ্টবল

ধুবুৰী, 4 অক্টোবৰঃ আনৰ সুখত সুখী এজন আৰক্ষী কনিষ্টবল ৷ সম্প্ৰতি চৌদিশে চৰ্চা লাভ কৰিছে ধুবুৰীৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ এক প্ৰশংসনীয় পদক্ষেপে ৷ হাতত এটা কেৰিবেগ লৈ ৰাজপথত খোজ কনিষ্টবলগৰাকীৰ ৷ লগতে সহযোগ কৰিছে আন এগৰাকী আৰক্ষী জোঁৱানেও ৷ পুজা উপলক্ষে সমাজৰ সকলো স্তৰৰ ৰাইজে নিজকে নতুন সাজেৰে সজাই তুলিব বিচাৰে ৷ সেই চিন্তাৰেই বাটে-পথে থকা মানসিক বিকাৰগ্ৰস্ত সকলৰ মনৰ আশা পূৰণ কৰিবলৈ আগুৱাই আহিছে ধুবুৰীৰ এগৰাকী সাধাৰণ কনিষ্টবল ৷

আনৰ সুখত সুখী এজন আৰক্ষী কনিষ্টবল

ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ চৰকাৰী গাড়ীচালক ৰঘুনাথ নাথে মানৱতাৰ চূড়ান্ত নিদৰ্শন দেখুৱাই এইবেলি দুৰ্গা পূজাত ধুবুৰীৰ বাটে-পথে ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত সকলকৰ মাজত বিলাই ফুৰিছে নতুন কাপোৰ ৷ তেখেতে নিজৰ ক্ষুদ্ৰ আৰ্থিক সামৰ্থেৰে হাতত লৈছে এই পদক্ষেপ ৷ মানসিক বিকাৰগ্ৰস্ত পুৰুষক নতুন ফুল চাৰ্ট আৰু মহিলাসকলক নাইটি এটা দিয়াৰ লগতে লঘু আহাৰ এসাজো খুৱাইছে ৰঘুনাথে ৷ ইতিমধ্যে প্ৰায় দহ গৰাকী তেনে লোকক নতুন কাপোৰ দিছে তেওঁ ৷ নিজৰ চৰকাৰী কৰ্তৱ্যৰ পৰা আহৰি পালেই ধুবুৰীৰ চুকে কোণে ৰাজপথত থকা মানসিক বিকাৰগ্ৰস্ত লোকৰ সন্ধানত নামি পৰাটো তেখেতৰ নিত্য-নৈমিত্যিক কাৰ্যত পৰিণত হৈছে ৷

এই মানসিক বিকাৰগ্ৰস্ত লোকসকলক সহায় কৰি ৰঘুনাথে নিজকে সুখী বুলি উল্লেখ কৰে ৷ লগতে কয় যে, সেই লোকসকলৰ দুখ মই অনুভৱ কৰোঁ ৷ সেয়েহে এইবাৰ পুজাত মোৰ বা পৰিয়ালৰ বাবে কাপোৰ নিকিনি দৰমহাৰ ১০ হেজাৰ টকাৰে সেই লোকসকলক নতুন কাপোৰ আৰু এসাজ লঘু আহাৰ খুওৱাত খৰচ কৰাৰ সিদ্ধান্ত লৈছো ৷ আগলৈ গৈ অইন হৃদয়ৱান ব্যক্তি আৰু স্বেচ্ছাসেৱী সংগঠনবোৰেও মানসিক বিকাৰগ্ৰস্ত দূৰ্ভগীয়া সেই লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিব বুলিও আশা প্ৰকাশ কৰে ধুবুৰীৰ আৰক্ষী কনিষ্টবল গৰাকীয়ে। ৷ কনিষ্টবলগৰাকীৰ এই প্ৰশংসনীয় পদক্ষেপক ধুবুৰীৰ সকলো লোকেই শলাগ লৈছে ৷

Intro:আনৰ সুখত সুখী এজন আৰক্ষী কনিষ্টবল। বৰ্তমান ৰাজ্যজুৰি চলিছে দুৰ্গাপূজাৰ ব্যাপক আয়োজন। সকলোৱে এসাজ নতুন কাপোৰ পিন্ধাৰ বাবে আগ্ৰহেৰে চাই থাকে পুজালৈ। পিছে ৰাজপথত দিনে নিশাই ঘূৰিফুৰা অসহায় মানসিক বিকাৰগ্রস্থ লোক সকলৰ কথা কোনোবাই ভাবিছেনে ? ধুবুৰীৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ এক প্ৰশংসনীয় পদক্ষেপে চৰ্চা লাভ কৰিছে ধুবুৰীত।Body:প্ৰথমে এইজন আৰক্ষী কনিষ্টবল লৈ মন কৰক। হাতত এখন কেৰিবেগ লৈ ৰাজপথত খোজ। কাৰোবাক বিচাৰি ফুৰিছে কনিষ্টবল গৰাকীয়ে। লগতে সহযোগ কৰিছে আন এগৰাকী আৰক্ষী জোঁৱান।

উল্লেখযোগ্য যে, বৰ্তমান দুৰ্গাপূজাৰ ব্যপক আয়োজন চলিছে ৰাজ্যত। ধনীয়েই হওক বা দুখীয়াই হওঁক। পুজা উপলক্ষে সমাজৰ সকলো স্তৰৰ ৰাইজে নিজৰ নিজৰ পৰিয়ালক এযোৰ নতুন কাপোৰ দিবলৈ প্ৰয়াস কৰে৷ ঠিক তেনেদৰে বাটে-পথে অনাই বনাই ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত ব্যক্তি এজনৰো পুজাত নতুন কাপোৰ পিন্ধাৰ অভিলাস থাকিব পাৰে৷ ধুবুৰী বাটে-পথে থকা মানসিক বিকাৰগ্ৰস্ত সকলৰ মনৰ আশা পূৰণ কৰিবলৈ আগুৱাই আহিছে ধুবুৰী আৰক্ষীৰ এগৰাকী সাধাৰণ কনিষ্টবল৷ ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ চৰকাৰী গাড়ীচালক ৰঘুনাথ নাথে মানৱিকতাৰ চূড়ান্ত নিদৰ্শন দেখুৱাই এইবেলি দুৰ্গা পূজাত ধুবুৰীৰ বাটে-পথে ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত সকলক দি ফুৰিছে নতুন কাপোৰ৷ পুজা উপলক্ষে নিজে অথৱা নিজৰ পৰিয়ালৰ বাবে নতুন কাপোৰ ক্ৰয় নকৰি নিজৰ ক্ষুদ্ৰ আৰ্থিক সামৰ্থেৰে হাতত লৈছে এই পদক্ষেপ৷ পুৰুষ মানসিক বিকাৰগ্ৰস্তক নতুন ফুল চাৰ্ট আৰু মহিলা হ'লে নতুন নাইটি এটা দিয়াৰ লগতে লঘু আহাৰ এসাজো খুৱাই আছে তেখেতে৷ নিজৰ চৰকাৰী কৰ্তৱ্যৰ পৰা আহৰি পালেই বৰ্তমানে ধুবুৰীৰ চুকে কোণে ৰাজপথত থকা মানসিক বিকাৰগ্ৰস্ত লোকৰ সন্ধানত নামি পৰাটো বৰ্তমানে নিত্য-নৈমিত্যিক কাম হৈ পৰিছে ৰঘুনাথ নাথৰ৷ ইতিমধ্যে প্ৰায় দহ গৰাকী তেনে লোকক নতুন কাপোৰ দিছে তেওঁ৷ বিষয়টো লৈ আৰক্ষী কনিষ্টবল গৰাকীয়ে আনৰ সুখত সুখী বুলি উল্লেখ কৰাৰ৷ লগতে কয়ঃ সেই লোক সকলৰ দুখ মই অনুভৱ কৰোঁ৷ সেয়ে এইবাৰ পুজাত মোৰ বা পৰিয়ালৰ বাবে কাপোৰ নিকিনি দৰমহাৰ ১০ হেজাৰ টকা সেই লোকসকলক নতুন কাপোৰ আৰু এসাজ লঘু আহাৰ খুওৱাত খৰচ কৰাৰ সিদ্ধান্ত লৈছোঁ৷ আগলৈ গৈ অইন হৃদয়ৱান ব্যক্তি আৰু স্বেচ্ছাসেৱী সংগঠনবোৰেও মানসিক বিকাৰগ্ৰস্ত দূৰ্ভগীয়া সেই লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিব বুলিও আশা প্ৰকাশ কৰে ধুবুৰীৰ আৰক্ষী কনিষ্টবল গৰাকীয়ে।Conclusion:উল্লেখযোগ্য যে, ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত কৰ্মৰত আৰক্ষী কনিষ্টবল জনে গাড়ীৰ চালক হিচাপে সামান্য দৰমহা লাভ কৰিলেও মানৱতাৰ পৰিচয় দি আহিছে। কনিষ্টবল জনৰ এই প্ৰশংসনীয় পদক্ষেপক সকলোৱে শলাগ লৈছে ধুবুৰীৰ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.