ধুবুৰী, 15 আগষ্ট : যান বাহন আইন মানি চলি হেলমেট পৰিধান কৰা সকলো বাইক আৰোহীক এখনকৈ জাতীয় পতাকা আৰু এক পেকেটকৈ চকলেট উপহাৰ দি উৎসাহ যোগাই ধুবুৰী আৰক্ষীয়ে ৷ স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত এই পদক্ষেপ আৰক্ষীৰ ৷ স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত সষ্টম অসম আৰক্ষী । স্বাধীনতা দিৱসত যাতে উগ্ৰপন্থী বা কোনো দুস্কৃতিকাৰীয়ে কোনো কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে ধুবুৰী আৰক্ষীয়ে । ধুবুৰী জিলাৰ সদৰ চহৰৰ লগতে অসম বংগ সীমান্ত আৰু ভাৰত বাংলা সীমান্ত অঞ্চলকে ধৰি প্ৰতিটো অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে বুলি উল্লেখ কৰে আৰক্ষীয়ে।
বাইক আৰোহীক আৰক্ষীৰ উপহাৰ - ধুবুৰী
এখনকৈ জাতীয় পতাকা আৰু এক পেকেটকৈ চকলেট উপহাৰ দি যোগাই উৎসাহ ৷ স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত এই পদক্ষেপ আৰক্ষীৰ
ধুবুৰী, 15 আগষ্ট : যান বাহন আইন মানি চলি হেলমেট পৰিধান কৰা সকলো বাইক আৰোহীক এখনকৈ জাতীয় পতাকা আৰু এক পেকেটকৈ চকলেট উপহাৰ দি উৎসাহ যোগাই ধুবুৰী আৰক্ষীয়ে ৷ স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত এই পদক্ষেপ আৰক্ষীৰ ৷ স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত সষ্টম অসম আৰক্ষী । স্বাধীনতা দিৱসত যাতে উগ্ৰপন্থী বা কোনো দুস্কৃতিকাৰীয়ে কোনো কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে ধুবুৰী আৰক্ষীয়ে । ধুবুৰী জিলাৰ সদৰ চহৰৰ লগতে অসম বংগ সীমান্ত আৰু ভাৰত বাংলা সীমান্ত অঞ্চলকে ধৰি প্ৰতিটো অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে বুলি উল্লেখ কৰে আৰক্ষীয়ে।
Body: কাইলৈ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো কেন্দ্ৰীয় ভাবে উদযাপন হব দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসত যাতে উগ্ৰপন্থী বা কোনো দুস্কৃতিকাৰীয়ে কোনো কূটাঘাতমূলক ঘটনা সংগঠিত কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে ধুবুৰী আৰক্ষীয়ে। দিনে নিশাই ধুবুৰী জিলাৰ সদৰ চহৰৰ লগতে অসম বংগ সীমান্ত আৰু ভাৰত বাংলা সীমান্ত অঞ্চলকে ধৰি প্ৰতিটো অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে বুলি উল্লেখ কৰে আৰক্ষীয়ে। ধুবুৰীৰ মূল প্ৰৱেশ পথত নিশাৰ ভাগত এইদৰে নাকা চেকিং বহাই প্ৰতিটো যান বাহনত তালাচী চলায় আৰক্ষীয়ে।
আনহাতে যান বাহন আইন মানি চলি হেলমেট পৰিধান কৰা সকলো বাইক আৰোহিক এখনকৈ জাতীয় পতাকা আৰু এক পেকেটকৈ চকলেট উপহাৰ দি উৎসাহ যোগোৱা পৰিলক্ষিত হয়। ইপিনে কোনো ভয় শংকা নকৰাকৈ সকলো ৰাইজক ওলাই আহি জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায় জিলা আৰক্ষী প্ৰশাসনে।
Byte:- DSP, Trinoyan Bhuyan
Conclusion: উল্লেখযোগ্য যে, ধুবুৰী আৰক্ষীয়ে নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলাৰ সমান্তৰালকৈ যান বাহন মানি চলিবলৈ চালক সকলক বিশেষ ভাবে উৎসাহ যোগাবলৈ গ্ৰহণ কৰা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।