ETV Bharat / state

MLA Fund ৰ পৰিমাণ ২ কোটি কৰাৰ দাবী বিধায়ক নজৰুল হকৰ

গৰুৰ চোৰাং বেহা(Illegal cattle smuggling) বন্ধ কৰাত ব্যৰ্থ হৈছে চৰকাৰ-গৃহ বিভাগ । পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰা প্ৰতিখন ট্ৰাকৰ পৰাই আৰক্ষীয়ে সংগ্ৰহ কৰে টকা । বৃহস্পতিবাৰে নিজ সমষ্টিত উপস্থিত হৈ এই অভিযোগ উত্থাপন কৰে ধুবুৰীৰ বিধায়ক নজৰুল হকে(MLA Najrul Haque) ।

author img

By

Published : Nov 19, 2021, 12:56 PM IST

Dhubri MLA reaction on MLA FUND
বিধায়ক পুঁজিক লৈ চৰকাৰক সমালোচনা ধুবুৰীৰ বিধায়কৰ

ধুবুৰী, ১৯ নৱেম্বৰ : সম্পূৰ্ণ বিধায়ক পুঁজি(MLA FUND) মোকোলাই নিদিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিৰোধী বিধায়কসকলৰ মাজত । বৃহস্পতিবাৰে নিজ সমষ্টিত উপস্থিত হৈ ধুবুৰী(Dhubri)ৰ বিধায়ক নজৰুল হকে(MLA Najrul Haque) বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে । বিধায়ক পুঁজিৰ পৰিমাণ এক কোটিৰ পৰিৱৰ্তে দুই কোটি কৰাৰ দাবী উত্থাপন কৰে বিধায়ক গৰাকীয়ে । তেওঁ কয় যে, মাত্ৰ কেইদিনমান পূৰ্বেহে তেওঁ বিধায়ক পুঁজিৰ ৫০ লাখ টকা লাভ কৰিছে ।

বাকী ধনৰাশি এতিয়াও তেওঁ লাভ কৰা নাই । বিধায়ক পুঁজি মোকোলাই দিয়াক লৈ শাসকীয় দলে স্পষ্টীকৰণ দিছে যদিও বিৰোধী বিধায়কসকলৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে । আনহাতে, গৰুৰ চোৰাং বেহা(Illegal cattle smuggling) সন্দৰ্ভত তেওঁ কয় যে, এই অবৈধ বেহা ৰোধ কৰাত চৰকাৰ তথা গৃহ বিভাগ ব্যৰ্থ হৈছে । গো সুৰক্ষা আইন(Cattle preservation Bill) প্ৰণয়ন কৰাৰ পিছতো গৰুৰ চোৰাং বেহা কিদৰে চলি আছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ আন এক অভিযোগ উত্থাপন কৰে আৰক্ষীৰ বিৰুদ্ধে । তেওঁ কয় যে, পশ্চিমবংগ(West Bengal)ৰ পৰা অসমত প্ৰৱেশ কৰা প্ৰতিখন ট্ৰাকৰ পৰাই আৰক্ষীয়ে মোটা অংকৰ ধন সংগ্ৰহ কৰে ।

সেয়ে, চোৰাং গৰুৱেই হওক বা ব্রয়লাৰ মুৰ্গী আৰু আলু-পাচলিয়েই হওক সকলো ট্ৰাকৰ পৰাই ধন লোৱা হৈছে । আৰক্ষীয়ে এই ট্ৰাকবোৰৰ পৰা মোটা অংকৰ ধন সংগ্ৰহ কৰাৰ বাবেই মূল্যবৃদ্ধি হৈছে বুলিও তেওঁ অভিযোগ তোলে । আনহাতে, চৰকাৰক সমালোচনা কৰিলেও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ৰ দুৰ্নীতি বিৰোধী পদক্ষেপক শলাগ লয় বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক : দক্ষিণপাট সত্ৰৰ ১৮১ সংখ্যক ৰাস মহোৎসৱ উপভোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.