ETV Bharat / state

ধুবুৰীৰ চৰ অঞ্চলত কা' বিৰোধী প্ৰতিবাদ

author img

By

Published : Jan 20, 2020, 10:09 AM IST

Updated : Jan 20, 2020, 12:17 PM IST

ধুবুৰী জিলাৰ অতি ভিতৰুৱা বীৰসিং চৰত চলিছে কা' বিৰোধী উত্তাল প্ৰতিবাদ। দেওবাৰে বিয়লিৰ ভাগত বীৰসিং চৰ নতুন বজাৰত কা' বাতিলৰ দাবীত আয়োজন কৰা হয় এখন ৰাইজ মেল। সভাত প্ৰায় তিনি শতাধিক ৰাইজে বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী আইনৰ ৷

ধুবুৰীৰ চৰ অঞ্চলত কা' বিৰোধী প্ৰতিবাদ
ধুবুৰীৰ চৰ অঞ্চলত কা' বিৰোধী প্ৰতিবাদ

ধুবুৰী, 20 জানুৱাৰীঃ জাতিধ্বংসী নাগৰিকত্ব বিধেয়কক লৈ অসম তথা দেশজুৰি প্ৰতিবাদৰ জুই জ্বলাৰ পিছতো কেবক আইনত পৰিণত কৰা হ'ল। এই বিতৰ্কিত আইন কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে ইতিমধ্যে বিধি প্ৰস্তুতৰ কাম তীব্র গতিত চলাই গৈছে। কিন্তু অসমত বন্ধ হোৱা নাই কা' বিৰোধী আন্দোলন। ধুবুৰী চৰাঞ্চলত চলিছে কা' বিৰোধী প্ৰতিবাদ।

DHUBRI MIYA PARISAD CAA PROTEST, ASSAM ETV BHARAT NEWS
তিনি শতাধিক ৰাইজে বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী আইন
ধুবুৰী জিলাৰ অতি ভিতৰুৱা বীৰসিং চৰত চলিছে কা' বিৰোধী উত্তাল প্ৰতিবাদ। অসম মিঞা (অসমীয়া) পৰিষদৰ ভাতৃ সংগঠন অসম মিঞা যুৱ পৰিষদৰ বীৰসিং আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে বিয়লিৰ ভাগত বীৰসিং চৰ নতুন বজাৰত কা' বাতিলৰ দাবীত আয়োজন কৰা হয় এখন ৰাইজ মেল। এই সভাত অসম মিঞা অসমীয়া পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠাপক সভাপতি এম জি হাজৰিকাৰ উপৰিও কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম আব্দুল বাতেন,উপ সভাপতি এম মজিবৰ ৰহমান আৰু সাংগঠনিক সম্পাদক এম আবুল হুছেইনৰ লগতে আন বহু কেইজন নেতৃবৃন্দ উপস্থিত থাকে। সভাত প্ৰায় তিনি শতাধিক ৰাইজৰ উপস্থিতিত নিজৰ ভাষণত সভাপতি এম জি হাজৰিকা আৰু সাধাৰণ সম্পাদক এম আব্দুল বাতেনৰ লগতে বীৰসিং আঞ্চলিক যুৱ পৰিষদৰ সভাপতি ফজৰ আলী শেখ আৰু সাধাৰণ সম্পাদক হেবজুৰ ৰহমানকে ধৰি কেইবা গৰাকী বক্তাই নিজৰ ভাষণত বিজেপি চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰাৰ সমান্তৰাল ভাৱে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ তীব্র বিৰোধিতা কৰে। ইপিনে উপস্থিত ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী আৰু কা' বিৰোধী বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সভাস্থলীত। আনকি জয় আই অসম ধ্বনিৰে কঁপাই তোলে আকাশ বতাহ।
বীৰসিং চৰত কা' বিৰোধী উত্তাল প্ৰতিবাদ
ইপিনে সংবাদ মাধ্যমৰ আগত মিঞা পৰিষদৰ সভাপতি এম জি হাজৰিকাই জাতিধ্বংসী নাগৰিকত্ব আইন কোনোপধ্যেই মানি লোৱা নহ'ব বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনত আন্দোলন তীব্রতৰ কৰি চৰকাৰ অচল কৰি দিয়াৰ হুংকাৰ দিয়ে। আনহাতে ইছলামিক আৰু হিন্দু সাহিত্য সভাৰ আঁৰত বিজেপি আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আছে বুলি অভিযোগ কৰি বিজেপিৰ সৈতে আজমলৰ এক নিবিড় সম্পৰ্ক থকাৰো দাবী উত্থাপন কৰে মিঞা পৰিষদৰ সভাপতি এম জি হাজৰিকাই।লগতে চাওকঃকাজিৰঙা ৰিজৰ্টৰ পৰা আটক ধৰ্ষণ কাণ্ডত অভিযুক্ত মোজ্জামিল হক

Intro: জাতিধ্বংসী নাগৰিকত্ব বিধেয়কক লৈ অসম তথা দেশজুৰি প্ৰতিবাদৰ জুই জ্বলাৰ পিছতো কেবক আইনত পৰিণত কৰা হল। এই বিতৰ্কিত আইন কাৰ্য্যকৰী কৰাৰ বাবে চৰকাৰে ইতিমধ্যে বিধি প্ৰস্তুতৰ কাম তীব্র গতিত চলাই গৈছে। কিন্তু অসমত বন্ধ হোৱা নাই কা' বিৰোধী আন্দোলন। ধুবুৰী চৰাঞ্চলত চলিছে কা' বিৰোধী প্ৰতিবাদ।

Body: ধুবুৰী জিলাৰ অতি ভিতৰুৱা বীৰসিং চৰত চলিছে কা' বিৰোধী উত্তাল প্ৰতিবাদ। অসম মিঞা (অসমীয়া) পৰিষদৰ ভাতৃ সংগঠন অসম মিঞা যুৱ পৰিষদৰ বীৰসিং আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে বিয়লিৰ ভাগত বীৰসিং চৰ নতুন বজাৰত কা' বাতিলৰ দাবীত আয়োজন কৰা হয় এইখন ৰাইজ মেলৰ। এই সভাত অসম মিঞা অসমীয়া পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠাপক সভাপতি এম জি হাজৰিকাৰ উপৰি কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম আব্দুল বাতেন, উপ সভাপতি এম মজিবৰ ৰহমান আৰু সাংগঠনিক সম্পাদক এম আবুল হুছেইনৰ লগতে আন বহু কেইজন নেতৃবৃন্দ উপস্থিত থাকে। সভাত প্ৰায় তিনি শতাধিক ৰাইজৰ উপস্থিতিত নিজৰ ভাষণত সভাপতি এম জি হাজৰিকা আৰু সাধাৰণ সম্পাদক এম আব্দুল বাতেনৰ লগতে বীৰসিং আঞ্চলিক যুৱ পৰিষদৰ সভাপতি ফজৰ আলী শেখ আৰু সাধাৰণ সম্পাদক হেবজুৰ ৰহমানকে ধৰি কেইবা গৰাকী বক্তাই নিজৰ ভাষণত বিজেপি চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰাৰ সমান্তৰাল ভাৱে জাতিধ্বংসী কা'ৰ তীব্র বিৰোধিতা কৰে। ইপিনে উপস্থিত ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী আৰু কা' বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সভাস্থলীত। আনকি জয় আই অসম ধ্বনিৰে কঁপাই তোলে আকাশ বতাহ।

ইপিনে সংবাদ মাধ্যমৰ আগত মিঞা পৰিষদৰ সভাপতি এম জি হাজৰিকাই জাতিধ্বংসী নাগৰিকত্ব আইন কোনোপধ্যেই মানি লোৱা নহব বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনত আন্দোলন তীব্রতৰ কৰি চৰকাৰ অচল কৰি দিয়াৰ হুংকাৰ দিয়ে। আনহাতে ইছলামিক আৰু হিন্দু সাহিত্য সভাৰ আঁৰত বিজেপি আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আছে বুলি অভিযোগ কৰি বিজেপিৰ সৈতে আজমলৰ এক নিবিড় সম্পৰ্ক থকাৰো দাবী উত্থাপন কৰে মিঞা পৰিষদৰ সভাপতি এম জি হাজৰিকাই।

Byte:- এম জি হাজৰিকা, প্ৰতিষ্ঠাপক সভাপতি, অসম মিঞা (অসমীয়া) পৰিষদ।।

Conclusion: উল্লেখযোগ্য যে, মিঞা পৰিষদে কোৱা দৰে ২২ জানুৱাৰীত দেশৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত কা বিৰোধী আন্দোলনে কোন দিশে গতি কৰে সেয়া সময়তহে দেখা যাব।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

Last Updated : Jan 20, 2020, 12:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.