ধুবুৰী, 6 নৱেম্বৰ : ধুবুৰীত ভূ-মাফিয়াৰ দপদপনি । বছৰ বছৰ ধৰি এজন ভূ-মাফিয়াৰ সন্ত্ৰাস চলিছে ধুবুৰীৰ ঝগৰাৰ পাৰ অঞ্চলত । বিগত দিনত কেইবাবাৰো মাৰপিট হোৱাৰ পিছত পুনৰ সংঘটিত হ‘ল মাৰপিটৰ ঘটনা । মাৰপিটৰ ফলত এজন লোক গুৰুতৰ ভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হ‘বলগীয়া হৈছে ।
উল্লেখ্য যে, ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলত থকা বিমল কুমাৰ হৰলালকাৰ তিনি কন্যাৰ নামত থকা দুই বিঘা মাটি ২০১৮ চনত ক্ৰয় কৰে নৌসাদ আলী চৌধুৰী সহ পাঁচজনকৈ লোকে । নামজাৰীৰ বাবে আবেদন কৰাৰ বিপৰীতে মাটিৰ গৰাকীয়ে পাৱাৰ অফ এটনি প্ৰদান কৰে নৌসাদ আলী চৌধুৰীক । কিন্তু মাটিডোখৰ বলপূৰ্বক দখল কৰাৰ চেষ্টা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে দিলবৰ মোল্লা নামৰ এজন ভূ-মাফিয়াৰ বিৰুদ্ধে ।
ইপিনে নৌসাদ আলী চৌধুৰীৰ পৰা কিছু পৰিমাণৰ মাটি ক্ৰয় কৰি নিয়া কপিল উদ্দিন শেখ মাটি ডোখৰত উপস্থিত হোৱাৰ পিছতেই পূৰ্ব পৰিকল্পিত ভাৱে আক্ৰমণ কৰি কপিল উদ্দিন শেখক হত্যাৰ চেষ্টা চলায় ভূ-মাফিয়া দিলবৰ মোল্লা সহ তেওঁৰ এচাম গুণ্ডা বাহিনীয়ে । ফলত মূৰৰ লগতে শৰীৰৰ বিভিন্ন স্থানত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় লোকজন । সংকটজনক অৱস্থাত কপিল উদ্দিন শেখক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ঘটনা সংক্ৰান্তত ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে কপিল উদ্দিনৰ পৰিয়ালে ।
ইপিনে এই ঘটনাক লৈ তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাৰ উচিত তদন্ত মৰ্মে ভূ-মাফিয়া দিলবৰ মোল্লাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে মাটিৰ গৰাকী তথা মাটিৰ পাৱাৰ অফ এটনি লাভ কৰা নৌসাদ আলী চৌধুৰীয়ে ।
উল্লেখ্য যে, বিগত তিনি বছৰ ধৰি কোনো ধৰণৰ নথি পত্ৰ নোহোৱাকৈ বলপূৰ্বক ভাৱে মাটিডোখৰ দখল কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ভূ মাফিয়া দিলবৰ মোল্লা নামৰ লোকজনৰ বিৰুদ্ধে । একাংশ আৰক্ষীক মেনেজ কৰি অবৈধ ভাবে মাটি দখল কৰি অহাৰ অভিযোগ উত্থাপন হোৱা ভূ মাফিয়াৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াই লক্ষণীয় হ‘ব ।
লগতে পঢ়ক: "ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ জীয়াই ৰখাৰ দায়িত্ব চৰকাৰৰ": লুৰীণ জ্যোতি গগৈ